Afghanistan earthquake : বিধ্বংসী ভূমিকম্পৰ উদ্ধাৰ অভিযান মাৰ নৌযাওঁতেই পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল দেশ
ইণ্টাৰনেশ্যনেল ডেস্ক, ১১অক্টোবৰ : পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল আফগানিস্তান । বুধবাৰে পুৱা এক শক্তিশালী ভূমিকম্প । জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ’ছায়েন্সেছে (জিএফজেড) মতে, এই ভূমিকম্পটো আফগানিস্তানৰ উত্তৰ-পশ্চিম অংশত অনুভৱ কৰা হৈছে আৰু ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩(Afghanistan earthquake) ।
গৱেষণা কেন্দ্ৰটোৱে প্ৰকাশ কৰা অনুসৰি এই শক্তিশালী ভূমিকম্পটো ১০ কিলোমিটাৰ (৬.২১ মাইল) গভীৰতাত এই কঁপনি অনুভৱ কৰা হৈছে ।বিগত ৪দিনত দেশখনত এয়া চতুৰ্থটো ভূমিকম্প। আজি অহা ভূমিকম্পৰ কম্পনৰ ফলত কোনো লোকৰ প্ৰাণহানি বা সম্পত্তিৰ ক্ষয়- ক্ষতি হোৱাৰ খবৰ পোৱা হোৱা নাই(Magnitude 6.3 earthquake hits northwestern Afghanistan)।
উল্লেখ্য যে, শনিবাৰে প্ৰৱল ভূমিকম্পই আফগানিস্তান জোকাৰি গৈছিল । ৮ অক্টোবৰত হোৱা বিধ্বংসী ভূমিকম্পৰ উদ্ধাৰ অভিযান মাৰ নৌযাওঁতেই পুনৰ এই ভূমিকম্পই দেশখনক জোকাৰি যোৱাত তথৈৱচ অৱস্থাৰ সৃষ্টি হৈছে। পশ্চিম আফগানিস্তানত হোৱা ভূমিকম্পটো ৬.৩ প্ৰাবল্যৰ আছিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে(USGS) প্ৰকাশ কৰা তথ্য অনুসৰি, ৫.৯ প্ৰাবল্যৰ শেষৰ ভূমিকম্পটো হেৰাটৰ জিন্দাজান জিলাত ৭.৭ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল(Magnitude 6.3 earthquake strikes northwestern Afghanistan)।
লগতে পঢ়ক :Earthquake in Afghanistan : আফগানিস্তানত প্ৰলয়ংকাৰী ভূমিকম্প, নিহত ৩২০ জন