Israel-Palestine War : ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, নিহত ৭০০ জনৰো অধিক, আহত ২,০০০
ইণ্টাৰনেশ্যনেল ডেস্ক, ১০অক্টোবৰ : ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ ইজৰাইলৰ ওপৰত । এই আক্ৰমণৰ ফলত ৭০০ জনৰো অধিক লোক নিহত । আহত ২,০০০ ৰো অধিক লোক । খবৰ অনুসৰি ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে বহু পূৰ্বৰে পৰা ব্লুপ্ৰিণ্ট ৰচিছিল হামাছ সন্ত্ৰাসবাদীয়ে(Over 700 Killed As Israel-Palestine War Escalates Residents Flee Homes) ।
ইজৰাইলক হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেও এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ইজৰাইলৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে । ইজৰাইলৰ নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় সহায়ৰো ব্যৱস্থা কৰিব আমেৰিকাই ।
ইজৰাইলৰ এই আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰপতিগৰাকীয়ে হামাছৰ লগতে সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদীসকলক সকীয়নি প্ৰদান কৰে । সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবেও আমেৰিকাই কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে(US President Biden vows rock solid and unwavering support for Israel after Hamas attacks) ।
পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছেৰ আক্ৰমণৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে দাবী কৰে যে, হামাছ সন্ত্ৰাসবাদী সংগঠন আৰু ইহুদী ৰাষ্ট্ৰৰ মাজত চলি থকা যুদ্ধত প্ৰায় ১১ গৰাকী আমেৰিকান নিহত হৈছে(At least 11 Americans killed)।
ৰাষ্ট্ৰপতি জ’ বাইডেনে হোৱাইট হাউছৰ এক বিবৃতি উল্লেখ কৰি কয় যে ইজৰাইলৰ নাগৰিকত্ব থকা আমেৰিকানো এই যুদ্ধত নিহত হৈছে । নিহত আমেৰিকানসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছে বুলি তেওঁ কয় ।
বাইডেনৰ মতে দেশতে হওঁক বা বিদেশতে হওঁক আমেৰিকান নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰা তেওঁৰ প্ৰধান কৰ্তব্য ।
ইফালে হামাজাৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ বহু সেনাক আবদ্ধ কৰা বুলি দাবী কৰা হৈছে । আৰু ইয়াৰে মাজত আমেৰিকান নাগৰিক থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে বাইডেনে । তেওঁ আমেৰিকাৰ বিষয়াসকলক প্ৰতিটো ক্ষেত্ৰতে ইজৰাইলী কৰ্তৃপক্ষৰ সৈতে কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । একে সময়তে, বাইডেনে ইজৰাইলৰ বিৰুদ্ধে হামাছৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে(11 Americans Killed, Others Held by Hamas After Blistering Israel Attack) ।
ৰাষ্ট্ৰপতি পদৰ সম্ভাব্য ৰিপাব্লিকান প্ৰাৰ্থী নিকি হেলি আৰু বিবেক ৰামস্বামীকে ধৰি অন্যান্য বিশিষ্ট ভাৰতীয়-আমেৰিকান নেতাসকলেও হামাছৰ এই আক্ৰমণৰ পাছত ইজৰাইলক সমৰ্থনৰ আশ্বাস দিছে ।