Deadbody recovered : গাৰ নোম শিৱৰি উঠা এক ঘটনা; দিন-দুপৰতে স্কুটীত মৃতদেহ লৈ ঘূৰি ফুৰিছে এজন লোকে

নিউজ ডেস্ক, ৮অক্টোবৰ : গাৰ নোম শিৱৰি উঠা এক ঘটনা । মৃতদেহ স্কুটীত লৈ ঘূৰি ফুৰিছে এজন লোকে । দিন-দুপৰতে স্কুটীত মৃতদেহ উঠাই ঘূৰাই ফুৰালে দুৰ্বৃত্তই । কিমান ভয়ংকৰ হ’ব পাৰে এই ঘটনা । এই ঘটনা গুৱাহাটীৰ গণেশ মন্দিৰ পথৰ ১৪ নং উপপথৰ । দেওবাৰে পোহৰলৈ আহিছে এক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা(Deadbody recovered) ।
উল্লেখ্য যে, শনিবাৰে সন্ধিয়া ৬ মান বজাত কোনো দুৰ্বৃত্তই স্কুটীত মৃতদেহ এটা লৈ অনাৰ এক দৃশ্য CCTVত বন্দী হয়। স্কুটিত আগফালে মৃতদেহ লৈ ঘুৰি আছে দুৰ্বৃত্তই । লোকজনে হত্যা কৰি মৃতদেহটো পেলাবলৈ আনে । মৃতদেহটো প্ৰথমে ১২নম্বৰ উপপথত পেলোৱাৰ চেষ্টা কৰিছিল ধৃত দুৰ্বৃত্তই। কিন্তু স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাত পুনৰ ১৪নম্বৰ পথলৈ লৈ যায় মৃতদেহটো ।ইয়াৰ পিছতেই মৃত যুৱকজনক পেলাই থৈ দুৰ্বৃত্তই পলায়ন কৰে। কিন্তু স্থানীয় ৰাইজে স্কুটীত লৈ মৃতদেহ অনাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল আৰু এই ঘটনাৰ বিষয়ে খবৰ দিছিল আৰক্ষীক ।
এই সমগ্ৰ ঘটনা দৃশ্য বন্ধী হৈছে CCTVত । আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । বৰ্তমানলৈকে দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । আৰক্ষীৰ তদন্ততৰ অন্তত হে পোহৰলৈ আহিব সকলো তথ্য । বৰ্তমান সমগ্ৰ ঘটনা ৰহস্য আৱৰ্তনত
এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী । ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে মৃতদেহৰ উদ্ধাৰৰ ঘটনাই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে । ৰাজ্যত ধাৰাবাহিক ভাৱে ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হৈ আছে । ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা । বিগত দিনসমূহত মহানগৰৰ বিভিন্ন প্ৰান্তৰ পৰা মৃতদেহ উদ্ধাৰৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে (Deadbody recovered in Guwahati) ।
মহানগৰীত সংঘটিত হৈ অহা এনে ঘটনা সমূহৰ বাবে আৰক্ষীৰে ব্যৰ্থতা বুলি একপ্ৰকাৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। দিন দুপৰতে এনেকৈ মৃতদেহ লৈ ঘূৰি ফুৰাটো এক চিন্তৰ বিষয় । অৱশ্যে কোনে আৰু কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।