Local, Vocal, Global

Israel-Palestine War : ইজৰাইলক সন্ত্ৰাসবাদী আক্ৰমণ মানৱীয় দৃষ্টিকোণৰ পৰা অতি ভয়ংকৰ – ৰাষ্ট্ৰপতি জ’ বাইডেন

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮অক্টোবৰ : ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ ইজৰাইলৰ ওপৰত । এই পৰ্যন্ত ৫০০ জনৰো অধিক লোক নিহত হোৱাৰ আশংকা কৰা হৈছে । আহত শতাধিক লোক । হামাজাৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ বহু সেনাক আবদ্ধ কৰা বুলি দাবী কৰা হৈছে । ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে বহু পূৰ্বৰে পৰা ব্লুপ্ৰিণ্ট ৰচিছিল হামাছ সন্ত্ৰাসবাদীয়ে(Over 500 Killed As Israel-Palestine War Escalates Residents Flee Homes) ।

ইজৰাইলক হামাছ সন্ত্ৰাসবাদীৰ আক্ৰমণক লৈ উদ্বিগ্ন সমগ্ৰ বিশ্ব । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেও এই আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে । লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ইজৰাইলৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে । ইজৰাইলৰ নাগৰিকসকলৰ বাবে প্ৰয়োজনীয় সহায়ৰো ব্যৱস্থা কৰিব আমেৰিকাই । ইজৰাইলৰ এই আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰপতিগৰাকীয়ে হামাছৰ লগতে সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদীসকলক সকীয়নি প্ৰদান কৰে । সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বাবেও আমেৰিকাই কাম কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে(US President Biden vows rock solid and unwavering support for Israel after Hamas attacks) ।

প্ৰাপ্ত খবৰ অনুসৰি এই আক্ৰমণত ৫০০ ৰো অধিক লোক নিহত হোৱাৰ লগতে আহত হৈছে ১১০৪ গৰাকীতকৈ অধিক লোক ।

ৰাষ্ট্ৰপতি জ’ বাইডেনে উল্লেখ কৰে য়ে , পেলেষ্টাইনৰ ইজৰাইলৰত ৰকেট আক্ৰমণৰ দৃশ্য সমগ্ৰ বিশ্বই দেখিছে । তেওঁ লগতে কয় যে পুৱাই মই ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে বাৰ্তলাপ কৰিছো আৰু ইজৰাইলক সকলো সম্ভৱ সহায়ৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে ইজৰাইলে নিজকে আৰু ইয়াৰ লোকসকলক ৰক্ষা কৰাৰ অধিকাৰ আছে(Biden Condemns Deadly Israel Terror Attacks Affirms Rock Solid Support) ।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেওঁ নিজৰ দলটোক ইজিপ্ত, তুৰস্ক, চৌদি আৰৱ, জৰ্ডান, ওমান, ইউ.এ.ই. লগতে ইউৰোপীয় অংশীদাৰ আৰু ফিলিস্তিনি কৰ্তৃপক্ষকে ধৰি সমগ্ৰ অঞ্চলৰ নেতাসকলৰ সৈতে সম্পৰ্কত থাকিবলৈ নিৰ্দেশ দিছে ।পেলেষ্টাইনৰ ইজৰাইলক আক্ৰমণ অতি ভয়ংকৰ(Biden condemns appalling assault by Hamas on Israel) । এই আক্ৰমণত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাইছে । সেয়ে দুৰ্ভগীয়া পৰিয়ালবোৰৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন আৰু তেওঁ পত্নী জিল বাইডেনে গভীৰ সমবেদনা জ্ঞাপন কৰে । ইফালে আঘাতপ্ৰাপ্ত লোকসকলক আৰোগ্যৰো কামনা কৰে ।

লগতে পঢ়ক :Israel-Palestine War : ইজৰাইল-পেলেষ্টাইন যুদ্ধই লৈছে ভংকৰ ৰূপ