Israel-Palestine War : ইজৰাইল-পেলেষ্টাইন যুদ্ধই লৈছে ভংকৰ ৰূপ
ইণ্টাৰনেশ্যনেল ডেস্ক, ৮অক্টোবৰ : পুনৰ আৰম্ভ ইজৰাইল-পেলেষ্টাইন ভূমি বিবাদ(Israel-Palestine War) ৷ ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, ইজৰাইলৰ ওপৰত ৫ হাজাৰ ৰকেটৰ আক্ৰমণৰ পিছতে পেলেষ্টাইনৰ ওপৰতো আক্ৰমণ । পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ ইজৰাইলৰ ওপৰত । এই পৰ্যন্ত ৫০০ জনৰো অধিক লোক নিহত হোৱাৰ আশংকা কৰা হৈছে । আহত শতাধিক লোক । হামাজাৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলৰ বহু সেনাক আবদ্ধ কৰা বুলি দাবী কৰিছে । ইজৰাইলৰ ওপৰত আক্ৰমণৰ বাবে বহু পূৰ্বৰে পৰা ব্লুপ্ৰিণ্ট ৰচিছিল হামাছ সন্ত্ৰাসবাদীয়ে(Over 500 Killed As Israel-Palestine War Escalates Residents Flee Homes) ।
উল্লেখ্য যে, বিগত প্ৰায় ৭৪ বছৰে দুয়োখন দেশৰ মাজত চলা ভূমিকেন্দ্ৰিক বিবাদৰ অন্ত আজিও হোৱা নাই ৷ ১৯৪৭ চনৰে পৰা পেলেস্তাইনৰ ভূ-খণ্ড দখলৰ বাবে অব্যাহত আছে দুয়োখন দেশৰ মাজৰ এই ক্ষমতাকেন্দ্ৰিক বিবাদ ৷
প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে পেলেষ্টাইনী শক্তিশালী প্ৰতিদ্বন্দী গোট হামাছে আকস্মিকভাৱে আৰু ব্যাপক ৰূপত আক্ৰমণ চলায় ইজৰাইলৰ ওপৰত ৷ ৫০০ ৰো অধিক ইজৰাইলী নিহত হয় । আনহাতে আহত হয় ১৫৯০ জনৰো অধিক লোক(Israel hits back as rockets fired by Lebanon) ।
প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে পেলেষ্টাইনৰ এই আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি গাজাত অৱস্থিত হামাছৰ আত্মগোপনৰ স্থান ধ্বংসাৱশেষলৈ পৰিণত কৰাৰ সকীয়নি দিয়ে । উপকূলীয় অঞ্চলত তীব্ৰ বিমান আক্ৰমণৰ ফলত গাজাত মৃতকৰ সংখ্যা ২৩২ লৈ বৃদ্ধি পাইছে । গোটেই নিশাটো ইজৰাইলৰ কমেও ২২ টা স্থানত ইজৰাইলী বাহিনী আৰু শ শ হামাছৰ যোদ্ধাৰ মাজত যুদ্ধ সংঘটিত হয় । ইজৰাইলৰ সেনাই দিয়া তথ্য অনুসৰি ইয়াৰ ভিতৰত কমেও দুটা অঞ্চল আছিল য’ত বন্দুকধাৰীয়ে বহুতকে পণবন্দী কৰি ৰাখিছিল ।
প্ৰতিদ্বন্দী গোট হামাছৰ সন্ত্ৰাসবাদীয়ে গাজা ষ্ট্ৰিপৰ পৰা ইজৰাইলত প্ৰৱেশ কৰি ইজৰাইলৰ চহৰসমূহ দখল কৰে । পেলেষ্টাইন তথা হামাছৰ এই আক্ৰমণৰ প্ৰতি মুঠেও প্ৰস্তুত নথকা ইজৰাইলীসকলৰ চকুত এতিয়া আতংক, আশংকাৰ ছবি পৰিলক্ষিত হৈছে ৷
উল্লেখযোগ্য যে, বিবাদিত জেৰুজালেম আৰু গাজা ষ্ট্ৰিপ দখলক লৈ দুয়োখন দেশৰ মাজত অব্যাহত আছে সংঘৰ্ষ । শেহতীয়াকৈ ইজৰাইল চৰকাৰে পেলেষ্টাইনী শ্ৰমিকৰ গাজা সীমান্তলৈ যাতায়ত বন্ধ কৰি দিয়াৰ পিছৰে পৰা ক্ৰমান্বয়ে উত্তেজনা বাঢ়ি আহিছিল দুয়োখন দেশৰ মাজত । ঘটনা সন্দৰ্ভত x প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ X যোগে মোদীয়ে কয়, “ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰ খবৰত আচৰিত হৈ পৰিছো । নিৰীহ ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো । এই কঠিন সময়ত আমি ইজৰাইলৰ কাষত থিয় দিছো ।”
লগতে পঢ়ক :Earthquake in Afghanistan : আফগানিস্তানত প্ৰলয়ংকাৰী ভূমিকম্প, নিহত ৩২০ জন