Earthquake in Afghanistan : আফগানিস্তানত প্ৰলয়ংকাৰী ভূমিকম্প, নিহত ৩২০ জন
ইণ্টাৰনেশ্যনেল ডেস্ক, ৮অক্টোবৰ : ৰুষ্ট প্ৰকৃতিৰ ৰোষত আফগানিস্তান । শক্তিশালী ভূমিকম্পৰ কৱলত আফগানিস্তান(Earthquake in Afghanista) ।
আফগানিস্তানৰ দুৰ্যোগ প্ৰশমন বিভাগে জনোৱা অনুসৰি, শনিবাৰে পশ্চিম আফগানিস্তানত ভয়ংকৰ ভূমিকম্পৰ কৱলত পৰে । এই ভূমিকম্পৰ ৬.৩ প্ৰাৱল্যৰ আছিল যাৰ ফলত ফলত কেইবা শতাধিক লোকৰ মৃত্যু হয় । ৰাষ্ট্ৰসংঘই প্ৰাথমিক তথ্য অনুসৰি এই ভূমিকম্পৰ ফলত ৩২০ জন মৃত্যু হোৱাৰ হোৱাৰ সম্ভাৱনা কৰাৰ লগতে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে(Powerful earthquake kills more than 320 people in western Afghanistan) ৷
জানিব পৰা মতে এই ভূমিকম্পটো ইমানে ভয়ংকৰ আছিল যে ইয়াৰ ফলত ৪৬৫ টা ঘৰ ধ্বংস হোৱাৰ লগতে ১৩৫ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে ।
দুৰ্যোগ প্ৰশমন বিভাগৰ মুখপাত্ৰ মহম্মদ আব্দুল্লা জানে কয় যে হেৰাট প্ৰদেশৰ জেণ্ডা জান জিলাৰ চাৰিখন গাঁৱত ভূমিকম্পৰ অনুভূত হয় । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু হেৰাট চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ (২৫ মাইল) উত্তৰ-পশ্চিমে । ৬.৩, ৫.৯ আৰু ৫. ৫ প্ৰাৱল্যৰ লগতে কেইবাটাও কম প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।
হেৰাট চহৰৰ বাসিন্দা আব্দুল ছাকোৰ ছামাদীয়ে কয়,” আফগানিস্তানত দুপৰীয়া সময়ত কমেও পাঁচটাকৈ প্ৰচণ্ড ভূমিকম্পৰ অনুভূত হয় । সকলো মানুহ ঘৰৰ বাহিৰত আছে বুলিও ছামাদীয়ে কয় । অধিক ভূমিকম্প অহাৰ আশংকা কৰা হৈছে । মই আৰু মোৰ পৰিয়াল আমাৰ ঘৰৰ ভিতৰত আছিলো, ভূমিকম্পটো অনুভৱ কৰিলোঁ । ঘৰৰ ভিতৰলৈ যাবলৈ ভয় কৰি পৰিয়ালটোৱে চিঞৰি বাহিৰলৈ দৌৰ দিলে(Powerful earthquake and aftershocks kill dozens and injure many more in western Afghanistan) । “
আফগানিস্তানৰ বিশ্ব স্বাস্থ্য সংস্থাই এক্স(পূৰ্বৰ টুইটাৰ) যোগে কয়, হতাহতক চিকিৎসালয়লৈ নিয়াৰ বাবে জেণ্ডা জানলৈ ১২ খন এম্বুলেন্স প্ৰেৰণ কৰা হৈছে । ভূমিকম্পৰ ফলত হোৱা মৃত্যু আৰু ক্ষয়ক্ষতিৰ খবৰ অব্যাহত থকাৰ সময়তে, দলসমূহে আহতসকলৰ চিকিৎসা আৰু অতিৰিক্ত প্ৰয়োজনীয়তাৰ মূল্যায়নত সহায় কৰি চিকিৎসালয়ত আছে ৷ আক্ৰান্তসকলৰ অধিকাংশই মহিলা আৰু শিশু ।
উল্লেখ্য যে এই ভয়ংকৰ ভূমিকম্পৰ বাবে তালিবানে নিযুক্তি দিয়া অৰ্থনৈতিক পৰিক্ৰমাৰ উপ-প্ৰধানমন্ত্ৰী আব্দুল গানী বাৰাদাৰে হেৰাট আৰু বদঘীছত মৃত আৰু আহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে । তালিবানে স্থানীয় সংগঠনসমূহক ভূমিকম্পত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত অতি সোনকালে উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাত সহায় কৰিবলৈ আহ্বান জনায় ৷ লগতে গৃহহীনসকলক আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিবলৈ আৰু সকলোকে খাদ্য যোগান ধৰিবলৈ আহ্বান জনায় । ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে নিৰাপত্তা সংস্থাসমূহে নিজৰ সকলো সম্পদ আৰু সা-সুবিধা ব্যৱহাৰ কৰিব লাগে বুলি কয় ।