Local, Vocal, Global

Health Benefits of Raw Turmeric: স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী কেঁচা হালধি ? আহক কেঁচা হালধিৰ উপকাৰিতাৰ বিষয়ে জানো

হালধিক আয়ুবের্দ শাস্ত্ৰত ৰক্ত শোধক, পাচনতন্ত্ৰৰ বাবে উপকাৰী হিচাপে ব্যৱহাৰ কৰা হয় ।শুকান হালধিৰ তুলনাত কেঁচা হালধি যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় । কাৰণ কেঁচা হালধিত পোৱা যায় স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী গুণ। কেঁচা হালধিয়ে ফুলা, আঘাত, ঠাণ্ডা আদি অভিযোগ আঁতৰ কৰে । কেঁচা হালধিৰ এণ্টিবেক্টেৰিয়েল, এণ্টি-ভাইৰেল, এণ্টি-চেপ্টিক গুণাগুণ আছে । ই যিকোনো সংক্ৰমণ যথেষ্ট পৰিমাণে প্ৰতিৰোধ কৰিব পাৰে(Health Benefits of Raw Turmeric) ।

কেঁচা হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায় ।কেঁচা হালধি সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় । যাৰ দ্বাৰা যিকোনো ধৰণৰ ভাইৰেল সংক্ৰমণ যথেষ্ট পৰিমাণে পৰিহাৰ কৰিব পাৰি । প্ৰায়ে বতৰৰ পৰিৱৰ্তনৰ ফলত, চৰ্দি আৰু কাহৰ অভিযোগ থাকে । কিন্তু যদি আপুনি কেঁচা হালধি খায়, ইয়াক যথেষ্ট পৰিমাণে পৰিহাৰ কৰিব পাৰি(Benefits of Raw Turmeric)।

কেঁচা হালধিৰ লাভালাভৰ সম্পৰ্কে জানো আহক –

১) হালধিৰ ৰসে তেজ পৰিষ্কাৰ কৰাৰ লগতেই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।

২) হালধিৰ ৰসে মানুহৰ শৰীৰত এণ্টিবায়টিক হিচাপে কাম কৰে ।

৩) মানুহৰ শৰীৰৰ যিকোনো ৰক্তজনিত ৰোগত হালধিৰ ৰসে ৰক্তশোধক হিচাপে কাম কৰে ।

৪) যকৃত ৰোগ নিৰাময় কৰাতো হালধিয়ে সহায় কৰে । ৰাতিপুৱা আৰু আবেলি কেঁচা হালধীৰ ৰস দুচামুচ আৰু গুৰি হলে দুচামুচৰ আধা খাব লাগে । এনেদৰে দৈনিক খালে যকৃতৰোগৰ পৰা বহু পৰিমাণে উপশম পাব পাৰি ।

৫) হালধিক ৰন্ধন মছলা হিচাপেও ব্যৱহাৰ কৰা হয় । হালধিৰ গুণে তেলৰ স্নেহ পদাৰ্থৰ লগতেই শাক-পাচলিৰ অন্যান্য যি ৰাসায়নিক পদাৰ্থ হালধিয়ে সেয়া শোধন কৰে ।

৬) হালধিয়ে ছালৰ বিভিন্ন সমস্যা সমাধান কৰাত সহায় কৰে । কেঁচা হালধি ৰস খালে বা মিশ্ৰণ লগালে ছালৰ উজ্জ্বলতা আহে । একে সময়তে শালমইনা আৰু দাগৰ দাগ আঁতৰোৱাতো সহায় কৰে ।৭) চৰ্দি, কফ আদি নিৰাময়ত হালধিয়ে বহু পৰিমাণে সহায় কৰে । হালধি গাখীৰত উতলাই গুড়ৰ সৈতে খালে বহু পৰিমানে উপশম পোৱা যায় ।

৮) কেঁচা হালধিৰ বহু পৰিমাণে কৰ্কট প্ৰতিৰোধী ক্ষমতা আছে । কেঁচা হালধিৰ ৰস সেৱন কৰিলে কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস হয় ।৯) শিশুসকলৰ কৃমি ৰোগ নিৰাময়তো হালধিয়ে সহায় কৰে ।

৯)কেঁচা হালধি খাই ওজন সহজে হ্ৰাস কৰিব পাৰি । যদি ওজন হ্ৰাস কৰিব লগা হয়, তেন্তে কেঁচা হালধি খাব লাগে । কেঁচা হালধি ওজন হ্ৰাস কৰাত যথেষ্ট উপকাৰী বুলি প্ৰমাণিত হয় ।

১০)কেঁচা হালধি খোৱাটো ডায়েবেটিক ৰোগীসকলৰ বাবে অতি উপকাৰী বুলিগণ্য কৰা হয় । যদি ডায়েবেটিচ ৰোগী এজনে দৈনিক কেঁচা হালধি সেৱন কৰে, ই চেনীস্তৰ নিয়ন্ত্ৰণত ৰাখে ।

লগতে পঢ়ক :Vitamin E deficiency : ভিটামিন E-ৰ অভাৱ হ’লে আমি কেনেধৰণে সমস্যাৰ সন্মুখীন হব পাৰো