Local, Vocal, Global

Sikkim Flash Floods : পূৰ্বৰ চৰকাৰে বান্ধটো সঠিকভাৱে নিৰ্মাণ কৰিলে আৰু গুণগত মানৰ কাম কৰিলে, পানীৰ হেঁচা নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন- মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙ

নেশ্যনেল ডেস্ক, ৭অক্টোবৰ : অব্যাহত আছে ছিকিমৰ ভয়াৱহতা । ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ছিকিমৰ লহনাক হ্ৰদত সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণে(Sikkim flash floods) । ছিকিমত বানে লোৱা ভয়ংকৰ ৰূপৰ বাবে এই পৰ্যন্ত মৃত্যুৰ লগতে নিৰুদ্দেশ হৈ আছে বহু লোক(Sikkim flash floods) । সন্ধানহীন হৈ আছে বহুকেইগৰাকী সেনা জোৱান । ইয়াৰে ভিতৰত অসমৰো সেনা জোৱান আছে বুলি জানিব পৰা গৈছে । মৰাণৰ দীপ নেৱাৰ নামৰ এজন গোৰ্খা ৰেজিমেন্টৰ সেনা জোৱান সন্ধানহীন হৈ থকাত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

শনিবাৰে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কয় যে ৰাজ্যখনৰ মংগন জিলাৰ চুংথাঙত ১২০০ মেগাৱাটৰ বান্ধ ভাঙি যোৱাৰ পিছত তিস্তা নদীত হোৱা আকস্মিক বানত সৰ্বাধিক ক্ষতি হৈছে । লগতে তেওঁ ৰাজ্যখনৰ পূৰ্বৰ চৰকাৰে বান্ধটোৰ নিম্নমানৰ নিৰ্মাণকাৰ্যৰো অভিযোগ উত্থাপন কৰে(Sikkim CM on hydel dam destroyed) ।

মুখ্যমন্ত্ৰী তামাঙে, “চুংথাং বান্ধ ভাঙি যোৱাৰ বাবে সৰ্বাধিক ক্ষতি হৈছে । যদি পূৰ্বৰ চৰকাৰে বান্ধটো সঠিকভাৱে নিৰ্মাণ কৰিলেহেঁতেন আৰু যদি গুণগত মানৰ কাম কৰিলেহেঁতেন, তেন্তে পানীৰ হেঁচা নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন ।”

আনহাতে, মুখ্যমন্ত্ৰীয়ে পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ মংগনৰ নাগা গাঁৱত বানপীড়িত অঞ্চল আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰে আৰু শনিবাৰে পুৱা তাত থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে ।

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী তামাঙে কয়, এই ঘটনাৰ বাবে সমিতি গঠন কৰি তদন্ত কৰা হ’ব । তেওঁ কয়, “আমি কেন্দ্ৰীয় সংস্থাৰ পৰা সহায় বিচাৰিম আৰু অপৰাধীসকলক শাস্তি দিয়াটো নিশ্চিত কৰিম ।”

উল্লেখ্য যে ছিকিম হিমালয়ৰ লোনক হিমবাহটো বিস্ফোৰিত হৈ ৩ অক্টোবৰত হ্ৰদৰ এটা ফাল ভাঙি পানীৰে উপচি পৰিছিল । যাৰ ফলত তিস্তাত জলস্তৰ বৃদ্ধি পায় আৰু ৰাজ্যখনৰ কেইবাটাও অঞ্চল প্লাবিত হয় । চুংথাং গাঁৱত ১২০০ মেগাৱাট বান্ধ তিস্তা তৃতীয় পৰ্যায়ৰ হাইডেল বিদ্যুৎ প্ৰকল্পটো ২০১৭ চনত আৰম্ভ কৰা হৈছিল । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, তেওঁ মংগনৰ দুৰ্যোগৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহো পৰিদৰ্শন কৰিব আৰু নাগা, ৰেল আৰু টুং ৱাৰ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে আলোচনাত মিলিত হ’ব । ছিকিমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ৰংপো আৰু চিংথাম জিলাৰ বিদ্যালয়সমূহ ১৫ অক্টোবৰলৈকে বন্ধ ৰখা হৈছে । কিয়নো এই জিলাসমূহ বিপদাশংকা ক্ষেত্ৰত আছে । আমি পশ্চিম ছিকিমৰ বিদ্যালয়সমূহ বন্ধ কৰা নাই ।”

ইয়াৰ উপৰিও তেওঁ কয় যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে ফোনযোগে তেওঁৰ পৰা বিৱৰণ লয় । “ভাৰত চৰকাৰে সম্ভৱপৰ সকলো সহায় আগবঢ়াই আছে । চৰকাৰে তাৎক্ষণিক সাহায্যৰ বাবে সা-সামগ্ৰী, সেনা আৰু বিত্তীয় সাহায্য প্ৰদান কৰিছে । কেন্দ্ৰই পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান আবদ্ধ লোকসকলক উদ্ধাৰ কৰা আৰু বিদ্যুৎ আৰু পানীযোগান ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাত অগ্ৰাধিকাৰ দিয়া হৈছে । “শুকুৰবাৰৰ তথ্য অনুসৰি, ১৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ১০৩ জন সন্ধানহীন হৈ আছে । সন্ধানহীন হোৱা ২২ জন সেনা বিষয়াৰ ভিতৰত ৭ টা মৃতদেহ উদ্ধাৰ হৈছে । নিশাৰ ভাগত আৰু কেইটামান মৃতদেহ উদ্ধাৰ কৰা হৈছে । আমি তাৰ সংখ্যা হিচাপ কৰি আছোঁ । ক্ষতিগ্ৰস্ত পৰিয়ালৰ মুঠ সংখ্যা ২২ হাজাৰৰো অধিক আৰু আমি ৩৯০০-ৰো অধিক লোকক উদ্ধাৰ কৰিছোঁ । তেওঁলোকক সাহায্য শিবিৰত ৰখা হৈছে । বৰ্তমান ছিকিমত প্ৰায় ২৬ টা সাহায্য শিবিৰ চলি আছে ।” মুখ্যমন্ত্ৰীয়ে কয় ।

লগতে পঢ়ক :Sikkim flash floods : ছিকিমত বানৰ সংহাৰী ৰূপ; সেনা জোৱানসহ ১০২ জন সন্ধানহীন