Local, Vocal, Global

Daily Horoscope for 7th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপুনি আৱেগিক হৈ থাকিব ৷ দিনটো আপুনি দুশ্চিন্তাৰ মাজত থাকিব ৷ আজি কোনো নতুন উদ্যোগ লৈ কাম আৰম্ভ কৰিলে শেষত সেয়া সফল নহ’বও পাৰে ৷ নতুন কিবা কাম কৰিবলগীয়া থাকিলে সেয়া বেলেগ দিনা কৰক(Daily Horoscope) ৷

বৃষ ৰাশি: আৰ্থিক উৎসৰ ব্যৱস্থা কৰিবলৈ যাওঁতে প্ৰথমত অলপ সমস্যাত পৰিলেও শেষত আপুনি সেই পৰিস্থিতিক সফলভাৱে চম্ভালি ল’ব পাৰিব ৷ আজি আপুনি নিজৰ কামক উপভোগ কৰিব পাৰে ৷ আজি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰক ৷ আপোনাৰ স্বাস্থ্য ভালে থাকিব ৷

মিথুন ৰাশি: আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে ৰোমাঞ্চকৰ ভ্ৰমণৰ যোগ ৷ সঞ্চয় কৰা ধন সাৱধানে খৰচ কৰিব, কাৰণ আজি আপুনি প্ৰয়োজনৰ তুলনাত অধিক ধন ব্যয় কৰিবলগীয়া হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰতো আপোনাৰ দিনটো আজি বৰ ভালদৰে পাৰ হ’ব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ অনুকূলত নাই যেন লাগিছে ৷ কিন্তু এনেকুৱা অৱস্থা কেৱল দিনৰ প্ৰথমভাগতহে থাকিব ৷ আপোনাৰ প্ৰয়োজনৰ তুলনাত অধিক খৰচ হৈ যাব পাৰে ৷ যাৰ ফলত আপুনি চিন্তাত থাকিব ৷ সাৱধানে থাকক, কিয়নো আপোনাৰ এই দুশ্চিন্তাই আপোনাৰ ক্ষতি কৰিব পাৰে ৷ মনৰপৰা নেতিবাচক চিন্তা দূৰ কৰক ৷

সিংহ ৰাশি: আজি আপুনি আৰাম কৰক ৷ অত্যধিক মানসিক চাপ আৰু উদ্বেগৰ কাৰণে আপোনাৰ আজি বিৰক্তি লাগিব পাৰে ৷ মনটোক প্ৰফুল্ল ৰাখক

কন্যা ৰাশি: দিনটো শুভ ৷ ব্যৱসায়ীসকলৰ কাৰণে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ কাৰণ তেওঁলোকে প্ৰাপ্য ধন পাব পাৰে ৷ পেছাদাৰসকলৰ কাৰণেও আজিৰ দিনটো লাভদায়ক ৷ কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ মৰ্যাদা আৰু সন্মান বৃদ্ধি পাব পাৰে, যাৰ ফলত পৰিয়ালৰ লোকে আপোনাক লৈ গৰ্ব অনুভৱ কৰিব ৷ নিজৰ মনক বেলেগ দিশত লৈ যাবলৈ আৰু সামান্য সকাহ পাবলৈ একমাত্ৰ উপায় হ’ল ধ্যান ৷

তুলা ৰাশি: আজি আপুনি উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ আপোনাৰ স্বাস্থ্য আজি অত্যন্ত ভাল থাকিব ৷আইন সম্বন্ধীয় বিষয় আৰু চৰকাৰী কাম-কাজো ইতিবাচকভাৱে সম্পন্ন হ’ব যেন লাগিছে ৷ সময়টো বিনিয়োগৰ কাৰণেও ভাল ৷ আপোনাৰ পত্নী আৰু সন্তান আপোনাৰ বাবে অনুকূল পৰিস্থিতি সৃষ্টি কৰাৰ উপৰিও আপোনাৰ বন্ধুসকেলও আপোনাৰ দিনটোক ফলদায়ক কৰি তুলিব ৷

বৃশ্চিক ৰাশি: আজি আপোনাৰ দিনটো মধ্যমীয়া ৷ আপোনাৰ শত্ৰু আৰু প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব । ব্যৱসায় আৰু কাৰ্যালয়তো আপুনি প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব পাৰে ৷ এয়া আপোনাৰ ঘৰৰ পৰিৱেশক উন্নত কৰি তুলিব পাৰে ৷

ধনু ৰাশি: আজি আপুনি সাৱধানতা অৱলম্বন কৰিব ৷ আজি আপোনাৰ খং উঠি থাকিব, বিৰক্ত হৈ থাকিব আৰু অস্থিৰ হৈ থাকিব ৷ আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আৰু নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷

মকৰ ৰাশি: দিনটো শুভ ৷ সমাজে আপোনাৰ প্ৰতি মনোযোগী হ’ব, এয়া আপুনি উপভোগ কৰিব ৷ আপোনাৰ শান্ত মন আগ্ৰাসী হৈ উঠিব পৰা পৰিস্থিতিও সৃষ্টি হ’ব পাৰে ৷ এই বিষয়ত সতৰ্ক থাকক ৷ আৰ্থিক ব্যয়ৰ যোগ আছে ৷ ধ্যান কৰক ৷ তেতিয়া আপুনি হতাশা আৰু নেতিবাচক মনোভাৱ এৰাই চলিব পাৰিব ৷

কুম্ভ ৰাশি: আজিৰ দিনটোৰ অপেক্ষাতেই আপুনি ৰৈ আছিলে ৷ আপোনাৰ মানসিক আৰু শাৰীৰিক অৱস্থাও ইতিবাচক হৈ থাকিব ৷ সন্ধিয়া বন্ধুসকলৰ সৈতে হাঁহি ফুৰ্তিৰে কটাওকসন্ধিয়াটো কটোৱাৰ বাবে নিখুঁত এটা পৰিকল্পনা কৰক ৷

মীন ৰাশি: আপুনি যদি ভাবি আছে যে অৱস্থাৰ পৰিৱৰ্তন হৈ ভাল কিবা হওক, তেতিয়া হ’লে আজি সেই সুযোগ আছে ৷ কাৰণ আজিৰ দিনটোৱে আপোনাৰ বাবে কঢ়িয়াই লৈ আনিছে বহু সুখ আৰু শান্তি ৷ আপোনাৰ দৈনন্দিন জীৱনৰ ৰসহীনতাৰ মাজত নতুন সোঁত কঢ়িয়াই লৈ আহিব প্ৰিয়জনৰ সৈতে হোৱা সাক্ষাতৰ ফলত ৷ ঘৰৰ পৰিৱেশ বৰ ভাল নাথাকিব ৷