Local, Vocal, Global

8 Members of Family Dead in Road Accident : এক মৰ্মান্তিক দুৰ্ঘটনা;এৰ্টিগা বাহনৰ খুন্দা ট্ৰাকত

নেশ্যনেল ডেস্ক, ৪অক্টোবৰ : এক ভয়ংকৰ দুৰ্ঘটনা । চাৰিচকীয়া বাহনৰ খুন্দা ট্ৰাকত । ফলত একেটা পৰিয়ালৰে মৃত্যু ৮জনকৈ লোকৰ । আহত এটি ৩বছৰীয়া শিশু(8 members of family dead in road accident in UP) ।

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । উত্তৰ প্ৰদেশৰ বাৰনাসীত বুধবাৰে পুৱা প্ৰায় ৪মান বজাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো । কাশী বিশ্বনাথ দৰ্শন কৰি বনাৰসৰ জৌনপুৰলৈ গৈ থকাৰ অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ।

জানিব পৰা মতে, এখন এৰ্টিগা বাহনে এখন ট্ৰাকত খুন্দা মাৰে যাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । বাৰাণসী-লক্ষ্ণৌ ঘাইপথৰ বেনাৰসৰ পৰা পিলিভীত অভিমুখে গৈ থকা অৱস্থাত এৰ্টিগা বাহনখনে ট্ৰাকখনত খুন্দা মাৰে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত বাহনখনত ৯জন যাত্ৰী আছিল । দুৰ্ঘটনাৰ ফলত গাড়ীখনত থকা চালকসহ ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয়। ৩ বছৰীয়া শিশুটিৰ বাহিৰে গাড়ীত থকা আটাইকেইজন লোকৰে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন পীলভীটৰ আছিল।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীদল । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। আৰক্ষীয়ে ইতিমধ্য়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছত হে মৃতদেহ পৰিয়ালৰ লোকক গটাই দিয়া হ'(8 members of family dead in road accident in UP) ।

উত্তৰ প্ৰদেশত সংঘটি হোৱা এই দুৰ্ঘটনাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে লগতে শিশুটিৰ সুস্বাস্থ্য় কামনা কৰিছে। বৰ্তমান আঘাতপ্ৰাপ্ত শিশুটিৰ চিকিৎসা চলি আছে(8 dead after car rams truck in Uttar Pradesh Chief Minister expresses grief)।

লগতে পঢ়ক :Flash flood in Sikkim: ছিকিমত বানৰ ফলত অভাৱনীয় পৰিস্থিতি, সন্ধানহীন ২৩গৰাকীকৈ সেনা জোৱান