Local, Vocal, Global

Patients Died in Govt Hospital : চৰকাৰী হাস্পতালত চাঞ্চল্যকৰ ঘটনা; বিগত ২৪ ঘন্টাত প্ৰাণ গ’ল প্ৰায় ৩২ জনকৈ ৰোগীৰ

নেশ্যনেল ডেস্ক, ৩অক্টোবৰ : এখন চৰকাৰী চিকিৎসালয়ৰ খবৰে এতিয়াই চিন্তাত পেলাইছে জনতাক । এখন চৰকাৰী হাস্পতালত বিগত ২৪ ঘন্টাত প্ৰাণ গ’ল প্ৰায় ৩২ জনকৈ ৰোগীৰ। প্ৰাণ গ’ল ১৪টা নৱজাতকৰ । এই ঘটনা মহাৰাষ্ট্ৰৰ শংকৰৰাও চৱন চৰকাৰী চিকিৎসালয়ত সংঘটিত হৈছে। বিগত ২৪ ঘণ্টাত চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনত মৃত্যুৰ সংখ্যা এতিয়া ৩২ লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ১৬ টা শিশু আছে।অৱশ্যে এতিয়ালৈকে মৃত্যুৰ কাৰণ স্পষ্ট হোৱা নাই। কিন্তু একাংশই মৃত্যুৰ বাবে স্বাস্থ্যখণ্ডক জগৰীয়া কৰিছে(Patients Died in Govt Hospital)।

উল্লেখ্য যে মহাৰাষ্ট্ৰৰ সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো । মহাৰাষ্ট্ৰৰ নান্দেদ চৰকাৰী চিকিৎসালয়খনত ২৪ঘণ্টাত মৃত্যু হৈছে ৩২জনকৈ লোকৰ । বৰ্তমানেও চিকিৎসালয়খনত অতি সংকটজনত অৱস্থাত চিকিৎসাধীন হৈ আছে । ইটোৰ পিছত সিটো অপ্ৰত্যাশিত খবৰে চিকিৎসালয়খনত বিভীষিকাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ চিকিৎসালয়খনত ২৪ ঘণ্টাৰ ভিতৰতে ৩২ জন লোকৰ মৃত্যুয়ে দখল কৰিছে বাতৰিৰ শিৰোনাম( 32 people including 14 infants die at Maharashtra hospital in 24 hours)।

প্ৰাপ্ত তথ্য অনুসৰি, চিকিৎসালয়খনত সময়মতে ঔষধ যোগান ধৰিব নোৱাৰাৰ বাবে ৰোগীয়ে প্ৰাণ হেৰুৱাইছে । চৰকাৰী চিকিৎসালয়ত হাফকিন মেডিচিনৰ ঔষধৰ ব্যাপক নাটনি হৈছিল । যাৰ বাবে ব্যাপক অব্যৱস্থাৰ সন্মুখীন হৈছে স্বাস্থ্য ব্যৱস্থা ।

চিকিৎসালয়খনৰ আত্মীয়ই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে “ঔষধৰ নাটনি ঘটাৰ বাবে বৰ্তমান ঔষধৰ বোজা ৰোগীয়ে নিজেই বহন কৰিবলগীয়াত পৰিছে । নান্দেদ অঞ্চলত ৭০-৮০ কিলোমিটাৰ পৰ্যন্ত এলেকাত নান্দেদ সদৃশ চিকিৎসালয় নাই । সেইবাবেই ৰোগীক এইখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান পৰ্যন্ত ইয়াত ১৪ টাকৈ নৱজাতকৰ মৃত্যু ঘটিছে ।

চৰকাৰী চিকিৎসালয়খনৰ অধীক্ষকগৰাকীয়ে দাবী কৰা অনুসৰি, মৃতকৰ ভিতৰত জিলাখনৰ বাহিৰৰ অধিক ৰোগী আছে ।

মন কৰিবলগীয়ে যে, এইখন সৰু সুৰা চৰকাৰী চিকিৎসালয় নহয়, এখন ৬০০ বিচনাযুক্ত চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল। কিন্তু চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে প্ৰায় ৮০০ লোক। ইয়াৰ বিপৰীতে চিকিৎসালয়খনত কৰ্মচাৰী, চিকিৎসক, নাৰ্ছৰ অভাৱ কিন্তু তাৰ বিপৰীতে চিকিৎসালয়খনত ৰোগীৰ সংখ্যা সৰহ(32 people including 14 newborns die within a day at Nanded govt hospital due to lack of medicine) ।

শেহতীয়াকৈ চিকিৎসালয়খনত বহু কেইগৰাকী নাৰ্ছৰ বদলি কৰা হ’ল যদিও সেই স্থানত নতুন নাৰ্ছৰ নিযুক্তি নহ’ল। একেসময়তে চিকিৎসালয়খনলৈ ঔষধ যোগান ধৰা মুম্বাইৰ হফকিন ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৱে সময়মতে ঔষধ যোগান নধৰাৰ অভিযোগ উঠিছে। চৰকাৰী নীতি নিয়মৰ সাল সলনিৰ বাবেই ঔষধ যোগানত পলম হৈছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

চৰকাৰী চিকিৎসালয়ত এই ঘটনাৰ পিছতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক চৱনে চিকিৎসালয়খন ভ্ৰমণ কৰে আৰু কয় -‘‘মই মানুহৰ মৃত্যুক লৈ ৰাজনীতি কৰিব বিচৰা নাই, কিন্তু চিকিৎসালয়খনত যোগান ধৰা প্ৰতিষ্ঠানে সময়মতে ঔষধ যোগান নধৰাৰ আঁৰৰ ঘটনাৰ তদন্ত হোৱা উচিত।’’

মুখ্যমন্ত্ৰী একনাথ সিন্ধেই ইতিমধ্যে এই ঘটনাৰ তদন্তৰ ঘোষণা কৰিছে।

লগতে পঢ়ক :Patients Died in Govt Hospital : চৰকাৰী হাস্পতালত চাঞ্চল্যকৰ ঘটনা; চৰকাৰী হাস্পতালত ২৪ঘণ্টাত মৃত্যু ২৪জন ৰোগীৰ