Local, Vocal, Global

Manipur Violence : CoTUৰ ১৫ঘণ্টাৰ মণিপুৰ বন্ধৰ ঘোষণা

নেশ্যনেল ডেস্ক, ৩অক্টোবৰ : অশান্ত মণিপুৰ(Manipur Violence) । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । চলিত বৰ্ষৰ ৩ মে’ৰ পৰা মেইটেই আৰু কুকিসকলৰ মাজত আৰম্ভ হৈছিল সংঘৰ্ষ । এই সংঘৰ্ষই যেন এতিয়াও বন্ধ হোৱাৰ নাম লোৱা নাই। বিগত পাঁচমাহে মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । কিন্তু ২৩ছেপ্টেম্বৰত মণিপুৰৰ পৰিস্থিতি কিছু সাম কটাৰ বাবে ইণ্টাৰনেট সেৱা মুকলি কৰি দিছিল যদিও ইণ্টাৰনেট সেৱা মুকলি কৰাৰ লগে লগে পোহৰলৈ আহিছিল আন এক হিংসাত্মক ঘটনাৰ(Violent protests rock Imphal mob vandalises deputy commissioner’s office and torches two vehicles) ।

তাৰ পিছতে ৰাজ্যখনত পুনৰ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । পুনৰ বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । প্ৰতিবাদ সাব্যস্ত কৰিছিল শ শ ছাত্ৰ-ছাত্ৰীয়ে । মণিপুৰৰ বিজেপি কাৰ্যালয় আৰু বিজেপি সভাপতিৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে। ইম্ফল পশ্চিমৰ উপ-আয়ুক্তৰ কাৰ্যালয় ভাঙি পেলাই । আৱাসিক এলেকাত নিৰাপত্তা বাহিনীৰ প্ৰৱেশ ৰোধৰ বাবে টায়াৰ, বোল্ডাৰ আৰু লোহাৰ পাইপ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সৃষ্টি হয় আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হতাহতিৰ ।

গোষ্ঠীসংঘৰ্ষত জৰ্জৰিত মণিপুৰত দীৰ্ঘদিনৰ পৰা চলি অহা হিংসাত্মক ঘটনা লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ এই প্ৰতিবাদৰ মাজতে মঙলবাৰে পুনৰ বন্ধ ঘোষণা কৰে মণিপুৰ । ১৫ঘণ্টাৰ বাবে মণিপুৰ বন্ধৰ আহ্বান সংগঠনৰ । মঙলবাৰে পুৱা ৬ বজাৰ পৰা নিশা ৯ বজালৈ CoTU বন্ধ ঘোষণা ।

CoTU ৰ এই বন্ধৰ ঘোষণাক সমৰ্থন কৰি কাংপকপি জিলা মুখ্য কাৰ্যালয়ৰ সৰ্ববৃহৎ বজাৰ নুটে কৈলাং আৰু আন আন বজাৰকে ধৰি অসংখ্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয়। বন্ধৰ পৰা ৰেহাই পোৱা জৰুৰীকালীন সেৱাৰ বাহিৰে ৰাষ্ট্ৰীয় ঘাইপথ-২ত যান-বাহনৰ চলাচল স্তব্ধ হৈ পৰিছে। এই বন্ধ নিশা ৯:০০ বজালৈকে অব্যাহত থাকিব।

লগতে পঢ়ক :Congress MP Gaurav Gogoi’s convoy accident : শিলচৰত দুৰ্ঘটনাত পতিত সাংসদ গৌৰৱ গগৈৰ কনভয়