Local, Vocal, Global

Capital punishment to top ULFA leader: মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হ’ল আলফা (স্বাঃ)ৰ সদস্যক

নিউজ ডেস্ক, ৩অক্টোবৰ : কেডাৰৰ কেঁচা তেজেৰে ৰাঙলী হ’ল আলফাৰ শিবিৰ ৷ পুনৰ আহিছে আলফা (স্বাধীন)ৰ শিবিৰৰ পৰা মৃত্যুদণ্ডৰ খবৰ(Capital punishment to top ULFA leader) । এইবাৰ মৃত্যুদণ্ডৰ দৰে ভয়ানক শাস্তি বিহা হ’ল আলফা (স্বাঃ)ৰ সদস্যক । মৃত্যুদণ্ডৰে দণ্ডিত হ’ল এগৰাকী মহিলাসহ ১৯৯১ চনত আলফাত যোগদান কৰা এগৰাকী জ্যেষ্ঠ নেতা। পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ এই ভয়ংকৰ ঘটনাই এতিয়াই তোলপাৰ লগাইছে ৰাজ্য । আলফাৰ জ্যেষ্ঠ নেতাক পৰেশ বাহিনীৰ মৃত্যুদণ্ডৰ বাতৰিয়ে ইতিমধ্যে আলফাৰ ভিতৰচ’ৰাৰ লগতে অসমত আলোড়নৰ সৃষ্টি কৰিছে( Senior ULFA I leader Lachit Hazarika and cadre Bornali reportedly die after capital punishment in Myanmar) ।

খবৰ অনুসৰি, এই দুগৰাকী নেতা কেডাৰৰ বিৰুদ্ধে সংগঠন বিৰোধী কাৰ্যকলাপত জড়িত থকা তথা চোৰাংচোৱা বাহিনীৰ সৈতে গুপুতে যোগাযোগ ৰক্ষাৰ অভিযোগ আনে আলফা (স্বাধীন)এ। অভিযোগ অনুসৰি চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিয়ে পৰেশ বাহিনীয়ে। মৃত্যুদণ্ড বিহা এজনৰ নাম লাচিত হাজৰিকা ওৰফে ব্রিগেডিয়াৰ ছেলিম। লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ ছেলিম আলফাৰ নিম্ন সদনৰ উপ সভাপতি আছিল। আনহাতে বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া নামৰ এগৰাকী মহিলা কেডাৰকো আলফা (স্বাঃ)য়ে মৃত্যুদণ্ড বিহে(Ulfa top leader executed for conspiring against the outfit)।

উল্লেখ্য যে ,১৯৮৮ চনত আলফাত যোগ দিছিল লাচিত হাজৰিকাই আৰু ১৯৯০ত অসম এৰি ম্যানমাৰ শিবিৰত প্ৰশিক্ষণ লৈছিল। তেতিয়াৰে পৰাই লাচিত হাজৰিকা আলফা(স্বা)ৰ মুখ্য সেনাধক্ষ্যগৰাকীৰ বিশ্বস্ত সহযোগী আছিল। লাচিত হাজৰিকাই ২০০১ চনত পাকিস্তানৰ ISIৰ শিবিৰত প্ৰশিক্ষণ লৈছিল। এই গৰাকী আলফা(স্বা)ৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে সাংগঠনিক শক্তি আৰু পদবীৰ শক্তি অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ আনে ৷

লাচিত হাজৰিকাৰ ঘৰ লখিমপুৰৰ বঙালমৰাৰ সান্দহখোৱাত। লাচিত হাজৰিকাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মাতৃ ইন্দিৰা হাজৰিকাই পুত্ৰ লাচিত হাজৰিকাৰ মৃতদেহ চমজাই দিবলৈ আলফাক(স্বা) দাবী উত্থাপন কৰে।

আনহাতে আলফা ই মৃত্যুদণ্ড বিহা আন এগৰাকী হ’ল আলফা সদস্যা বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া। নয়নমণি চেতিয়া এটি সন্তানৰ মাতৃ। লখিমপুৰৰ নয়নমণি চেতিয়া এগৰাকী সুদক্ষ খেলুৱৈ আছিল।

এই ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও ।

লগতে পঢ়ক :Patients Died in Govt Hospital : চৰকাৰী হাস্পতালত চাঞ্চল্যকৰ ঘটনা; চৰকাৰী হাস্পতালত ২৪ঘণ্টাত মৃত্যু ২৪জন ৰোগীৰ