Local, Vocal, Global

Operation against child marriage : পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান;ৰাজ্যজুৰি বাল্য বিবাহেৰে জড়িত ৫০০ৰো অধিক লোকক আটক

নিউজ ডেস্ক,৩অক্টোবৰ : পুনৰ অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ সোমবাৰে নিশা বাল্য বিবাহ আৰু বে-আইনী স্বামীৰ বিৰুদ্ধে আৰক্ষীয়ে চলায় অভিযান । অভিযানত ইজনৰ পিছত সিজন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে(Operation against child marriage) ।

ৰাজ্যজুৰি বাল্য বিবাহেৰে জড়িত ৫০০ৰো অধিক লোকক আটক। সোমবাৰে নিশা আৰক্ষীয়ে পুনৰ চলাই অভিযান।

বাল্য বিবাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে সোমবাৰে নিশা ধুবুৰী জিলাৰ ৮ খন থানা এলেকাত আৰক্ষীয়ে অভিযান চলায়। অভিযানত আৰক্ষীয়ে ১৯১জন লোকক আটক কৰে ।বাল্য বিবাহ কৰা স্বামীৰ লগতে অভিভাৱক,কাজী আৰু পূজাৰীকো ঐটক কৰে(CM Himanta Biswa Sarma strict action against child marriage)।

জানিব পৰা মতে, ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা ৩৫ জনক, গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা ৪২ জনক, গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ পৰাও ৪২ জনক, বিলাসীপাৰা থানা অঞ্চলৰ পৰা ৩৬ জনক, আগমণি আৰক্ষী থানা এলেকাৰ পৰা ৭ জন, তামাৰহাট থানা অঞ্চলত ১২ জনক আৰক্ষীয়ে আটক কৰিছে।

আনহাতে, আৰক্ষীয়ে সাপটগ্ৰাম থানা অঞ্চলৰ পৰা ১১ জন, চাপৰ আৰক্ষী থানা এলেকাৰ পৰা ৬জন, কামৰূপৰ নগৰবেৰাৰ পৰা ৫জন, অভয়াপুৰীৰ পৰা ৮ জন, গোলাঘাটৰ পৰা ৭জন, বৰপেটাৰ পৰা ৬ জন, বজালীৰ পৰা ১৮ জন, কোকৰাঝাৰৰ পৰা ২৪জন, কৰিমগঞ্জৰ পৰা ৪৯ জন, লখিমপুৰৰ পৰা ৮ জন, মানকাচৰৰ পৰা ৪০ জন, মৰিগাঁৱৰ পৰা ৩০ জন, বঙাইগাঁৱৰ পৰা ৩৯ জন আৰু কামৰূপ জিলাৰ ভিন্ন ঠাইৰ পৰা ৫০ জনক বাল্য বিবাহ কৰা (Child Marriage) বা ইয়াৰে জড়িত থকাৰ বাবে আটক কৰিছে।

লগতে পঢ়ক :Operation against child marriage : ৰাজ্যত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান