Youth Found Hanging Inside Rehab Centre : মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন

নিউজ ডেস্ক, ২অক্টোবৰ : গুৱাহাটী মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা(Youth Found Hanging Inside Rehab Centre) । মহানগৰীৰ জালুকবাৰীৰ নিচামুক্তি কেন্দ্ৰত অঘটন। সদিলাপুৰৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু। ‘Loving Hands Wellness Society’ নামৰ নিচামুক্তি কেন্দ্ৰত এই ঘটনা(Youth Found Hanging Inside Guwahati Jalukbari Rehab Centre) ।
উল্লেখ্য যে, ৰেহাব চেণ্টাৰতে ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকৰ মৃতদেহ । সোমবাৰে জালুকবাৰীৰ শদিলাপুৰস্থিত ‘লাভিং হেণ্ডছ ৱেলনেছ ছ’চাইটি’ নামৰ এটা ডি-ডিকচন চেণ্টাৰত উদ্ধাৰ হয় মৃতদেহটো। নিহত যুৱকজন ৰাহুল আলী আৰু ঘৰ হাজোৰ বুলি চিনাক্ত কৰা হৈছে (Youth Found Hanging inside in Guwahatis Jalukbari Rehab Centre )।
জানিব পৰা মতে, যুৱকজনক তিনিদিন পূৰ্বে ড্ৰাগছ আসক্তিৰ চিকিৎসাৰ বাবে পুনৰ্বাসন কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল ।
ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে যুৱকজনৰ মৃত দেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে(Youth Found Hanging Inside Guwahati Jalukbari Rehab Centre) ।
লগতে পঢ়ক :Maharashtra Road Accident : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে ঘাইপথৰ সমীপৰ জুপুৰীক