Vitamin D Deficiency : ভিটামিন ডি ৰ অভাৱত আমাৰ শৰীৰত কেনে ধৰণৰ ৰোগে দেখা দিয়ে

আমাৰ শৰীৰৰ বাবে ভিটামিনৰ অতি প্ৰয়োজন । শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ ভিটামিনৰ প্ৰয়োজন হয়। শৰীৰত উপযুক্ত পৰিমাণৰ ভিটামিন থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যেতিয়া আমাৰ শৰীৰত স্বাভাৱিকভাৱে ভিটামিনৰ অভাৱ হয় তেতিয়া শৰীৰত কিছু সমস্যাৰ সৃষ্টি হয়। অৱশ্যে ভিটামিনৰ অভাৱ সহজে ধৰা নপৰে(Vitamin Deficiency)।
আমাৰ শৰীৰৰ প্ৰতিটো পুষ্টিৰ নিজা নিজা গুৰুত্ব আছে(Benefits of Taking Vitamin)। কিন্তু কি ভিটামিনৰ অভাৱত কি ৰোগ হ’ব পাৰে সেই বিষয়ে বহু লোক অজ্ঞাত । এখন বাহন চলিবলৈ যিদৰে ইন্ধনৰ প্ৰয়োজন হয় ঠিক সেইদৰে আমাৰ শৰীৰটোক শাৰীৰিকভাৱে সুস্থ কৰি বিভিন্ন ভিটামিনৰ প্ৰয়োজন(Vitamin D Deficiency) ।
শৰীৰটোক স্বাস্থ্যৱান কৰি ৰাখিবলৈ ভিটামিন ডিৰ প্ৰয়োজনীয়া অত্যাধিক। ভিটামিন ডি য়ে আমাৰ শৰীৰক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু আমাক বহু ৰোগৰ পৰা আঁতৰাই ৰাখে। পেশী আৰু দাঁত শক্তিশালী কৰাৰ বাবেও ভিটামিন ডি অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰা হয়। ভিটামিন ডিৰ অভাৱ হ’লে আপুনি,মই বিভিন্ন ৰোগৰ ভুক্তভোগী হ’ব পাৰো।
আজি আমি ভিটামিন ডি ৰ অভাৱত কি কি সমস্যাত পৰিব পাৰো আৰু ইয়াৰ লক্ষণ কি কি সেই বিষয়ে জানো আহক-
ভিটামিন ডিৰ অভাৱ কিয় হয়
মানৱ শৰীৰে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহি ভিটামিন ডি প্ৰস্তুত কৰে। কিন্তু আজিৰ ব্যস্ত জীৱনশৈলীৰ তাগিদাত পৰি পৰ্যাপ্ত সূৰ্যৰ পোহৰ আমাৰ শৰীৰটোত নপৰাৰ বাবে এই ভিটামিনৰ অভাৱ হ’ব পাৰে।
সকলো সময়তে ভাগৰি পৰা
শৰীৰত ভিটামিন ডি ৰ অভাৱ হলে, সকলো সময়তে ভাগৰ ভাগৰ অনুভৱ হয়। যদি আপুনি ৭-৮ ঘণ্টা টোপনি সম্পূৰ্ণ কৰাৰ পিছতো শৰীৰত ভাগৰ অনুভৱ কৰে, তেনেহ’লে ই ভিটামিন ডিৰ অভাৱৰ লক্ষণ হ’ব পাৰে।
হাড় দুৰ্বল হোৱা
ভিটামিনৰ ডি ৰ অভাৱ হ’লে হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সৰু আঘাতত হাড় ভঙাৰ আশংকা থাকে। কঁকাল তথা শৰীৰৰ কোনো কোনো ঠাইত সকলো সময়তে বিষ হয়।
অসুস্থ হৈ পৰা
যদি আপুনি বাৰে বাৰে অসুস্থ হৈ পৰিছে বা আপোনাৰ চৰ্দি আৰু কাহ হৈছে, তেনেহ’লে শৰীৰত ভিটামিন ডিৰ অভাৱ হ’ব পাৰে। এই ভিটামিনৰ অভাৱৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত আপুনি অসুস্থ হ’ব পাৰে।
হতাশা
সকলো সময়তে চাপ, নিৰাশা আৰু উদ্বেগ অনুভৱ কৰাটোও ভিটামিন ডিৰ অভাৱৰ লক্ষণ। হতাশাগ্ৰস্ত অনুভৱ কৰা, তেজৰ অভাৱো ভিটামিন ডিৰ অভাৱৰ লক্ষণ।
চুলি সৰা
চুলি সৰা শৰীৰত ভিটামিন ডিৰ অভাৱৰ আন এক লক্ষণ।ভিটামিন ডিয়ে চুলিৰ ফলিকল বৃদ্ধি কৰে।ফলিকলৰ অভাৱতে চুলি সৰা আৰম্ভ হয়।
ছালত প্ৰভাৱ
ভিটামিন ডি ৰ অভাৱৰ বাবে ছাল শুকান আৰু ৰঙা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাহিৰেও কেতিয়াবা যথেষ্ট খজুৱতি আৰু শালমইনাও হয়।
লগতে পঢ়ক :Vitamin C Deficienc : ভিটামিন চি ৰ অভাৱত আমাৰ শৰীৰত কেনে ধৰণৰ ৰোগে দেখা দিয়ে