India-Canada : ভাৰত-কানাডাৰ কূটনৈতিক বিবাদ সন্দৰ্ভত শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিৰ প্ৰতিক্ৰিয়া
ইণ্টাৰনেশ্যনেল ডেস্ক,২৬ ছেপ্টেম্বৰ : কানাডাত খালিস্তান টাইগাৰ ফ’ৰ্চৰ মুৰব্বী হৰদীপ সিং নিজ্জাৰ গুলীচালনাত নিহত হৈছিল(India-Canada) ৷ কানাডা খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী হৰ্দীপ সিং নিজ্জাৰৰ হত্য়াৰ লগত ভাৰত চৰকাৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল । এই অভিযোগৰ পিছৰে পৰা ফাঁট মেলিছে ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ মাজত(India Canada tensions) । ভাৰত আৰু কানাডাৰ মাজত সংঘাত সৃষ্টি হৈ থকাৰ মাজতে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে ভাৰত-কানাডাৰ কূটনৈতিক বিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়াই(“Terrorists Found Safe Haven In Canada”:Sri Lankan Minister Shreds Trudeau) ।
ভাৰত-কানাডাৰ কূটনৈতিক বিবাদ সন্দৰ্ভত সোমবাৰে শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে কয় যে, উত্তৰ আমেৰিকাৰ দেশখনত সন্ত্ৰাসবাদীয়ে নিৰাপদ আশ্ৰয়স্থল হিচাপে বিচাৰি পাইছে ।
শ্ৰীলংকাৰ বৈদেশিক মন্ত্ৰী আলী ছাব্ৰিয়ে কানাডাত একাংশ সন্ত্ৰাসবাদীয়ে নিৰাপদ আশ্ৰয় লাভ কৰিছে বুলি উল্লেখ কৰি খালিস্তানী নেতাৰ হত্যাত ভাৰতৰ জড়িত থকাৰ কানাডাৰ প্ৰধানমন্ত্ৰীৰ অভিযোগ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে ৷ আলী ছাব্ৰিয়ে কয়, কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰমাণ নোহোৱাকৈ কিছুমান অতিশয় ক্ষোভজনক অভিযোগ উত্থাপন কৰিছে । তে লগতে কয় যে ট্ৰুডোৱে শ্ৰীলংকা সন্দৰ্ভতো কানাডাই একেখিনি কথাই কৈছিল যে শ্ৰীলংকাত ভয়ংকৰ গণহত্যা হৈছে, যিটো সম্পূৰ্ণ মিছা আছিল । ‘‘আমাৰ দেশত যে গণহত্যা হোৱা নাছিল সেয়া সকলোৱে জানে(Terrorists found ‘safe haven’ in Canada, we support India’s ‘strong’ response: Sri Lanka) ।’’
ছাব্ৰিয়ে কয়, “দেওবাৰে দেখিলোঁ যে ট্ৰুডোৱে নাজীৰ সৈতে জড়িত কোনোবা এজনক উষ্ম আদৰণি জনাইছে । এয়া সন্দেহজনক আৰু আমি ইয়াৰ সৈতে পূৰ্বেও মোকাবিলা কৰিছো । পি এম ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধে অভিযোগ কৰাত মই আচৰিত নহয়( Lankan Minister Chides Trudeau, Says Canada Safe Haven for Terrorists) ।”
একে সময়তে ভাৰতত শ্ৰীলংকাৰ বিদায়ী উচ্চায়ুক্ত মিলিণ্ডা মোৰাগোডাই কয় যে কানাডাৰ অভিযোগৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া অতি কঠোৰ আৰু বিচাৰহীন । এই বিষয়ত শ্ৰীলংকাই ভাৰতক সমৰ্থন কৰে ।
সংবাদমেল সম্বোধন কৰি মিলিণ্ডা মোৰাগোডাই কয় যে শ্ৰীলংকাৰ জনসাধাৰণে সন্ত্ৰাসবাদৰ বাবে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁৰ দেশে সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আহিছে ।
লগতে পঢ়ক :Dengue cases in Bengal top 38000 mark : পশ্চিম বংগত ডেংগুৰ সংহাৰী ৰূপ;আক্ৰান্ত ৩৮,০০০ লোক