Asian Games 2023 : বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ছেপ্টেম্বৰ : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বৃহৎ সফলতা । এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ (Asian Games 2023)। ভাৰতৰ মহিলা দলটোৱে বাংলাদেশক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।
ভাৰত আৰু বাংলাদেশৰ মাজত প্ৰথমখন ছেমি ফাইনেল চীনৰ হাংঝৌৰ পিংফেং কেম্পাছ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় ।
ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা ছেমি ফাইনেলত ভাৰতীয় মহিলা ক্ৰিকেট দলে সুন্দৰ প্ৰদৰ্শন কৰে আৰু বাংলাদেশক পৰাস্ত কৰে । আৰু ভাৰতে ফাইনেলত প্ৰৱেশ কৰে । ইতিমধ্যে ৰূপৰ পদকো নিশ্চিত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে । মহিলা ক্ৰিকেটক এছিয়ান গেমছত অন্তৰ্ভুক্ত কৰি প্ৰথমবাৰৰ বাবে পদক জয় নিশ্চিত কৰে টীম ইণ্ডিয়াৰ মহিলা ক্ৰিকেট দলে।
ফাইনেলত ভাৰতীয় মহিলাই স্বৰ্ণ বা ৰূপৰ পদক লাভ কৰাটো এতিয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ভাৰতীয় মহিলা ক্ৰিকেট দলে যোৱা বছৰ কমনৱেলথত ৰূপৰ পদক লাভ কৰিছিল। এইবাৰ এছিয়ান গেমছত স্বৰ্ণ জয়ৰ আশা কৰিছে দেশবাসীয়ে(Indian womens cricket team beats Bangladesh by 8 wickets to storm into final)।
উল্লেখ্য যে,ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা টছত বাংলাদেশ জয়ী হোৱাৰ পাছত বাংলাদেশৰ দলটোৱে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । বাংলাদেশৰ মহিলা দলটোৱে ১৭.৫ অভাৰত মাত্ৰ ৫১ ৰাণতে গোটেই দলটো অল আউট হয় । ভাৰতীয় বলাৰৰ সন্মুখত বিধ্বস্ত হৈ পৰে দলটো ।
৫২ ৰাণৰ লক্ষ্য লৈ ভাৰতীয় মহিলা বেটছমেনসকল খেলত নামে । ভাৰতীয় দলটো মাত্ৰ ৮.২ অভাৰতে নিজৰ লক্ষ্যত উপনিত হ’বলৈ সক্ষম হয় ।খেলখনত ভাৰতীয় দলটো ৮ উইকেটত জয়ী হয় ।
বাংলাদেশৰ দলটোৰ ৫ গৰাকী বেটছমেনক ভাৰতীয় বলালে শূন্যতে আউট কৰে । ভাৰতৰ হৈ পূজা বস্ত্ৰকাৰে ১৮ ৰাণ দি ৪ টা উইকেট দখল কৰে । এই বিজয়ৰ লগে লগে এছিয়ান গেমছত ভাৰতৰ ৰূপৰ পদক নিশ্চিত হৈছে।
এতিয়া ভাৰতৰ চূড়ান্ত খেলখন দ্বিতীয়খন ছেমি ফাইনেলত বিজয়ী দলটোৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব । দ্বিতীয়খন ছেমি ফাইনেল পাকিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব । এই দুয়োটা দলৰ ভিতৰত বিজয়ী দলটো ফাইনেলত ভাৰতৰ সৈতে মুখামুখি হ’ব ।