PM Modi flags off 9 Vande Bharat Express trains : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে ৯খন নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰে’লৰ
নেশ্যনেল ডেস্ক, ২৪ছেপ্টেম্বৰ : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰে ৯খন নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’(Vande Bharat Express)ৰেল। দেওবাৰে দিনৰ ১২.৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উদ্বোধন কৰে বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল ।১১ খন ৰাজ্যত শুভাৰম্ভ কৰে বন্দে ভাৰত ৰে’ল(PM Modi flags off 9 Vande Bharat Express trains) ।
এই ৰে’লসমূহে ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিম বংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটকে ধৰি ১১ খন ৰাজ্যৰ ধৰ্মীয় আৰু পৰ্যটন স্থলীসমূহক সংযোগ কৰিব।
এই ৰে’লসমূহ সংঘৰ্ষ-বিৰোধী প্ৰণালী (anti collision system) ‘কাভাচ’ৰে সজ্জিত। নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসমূহৰ ৰং কমলা(PM Modi flags off nine Vande Bharat trains) ।
উল্লেখ্য যে, নতুন বন্দে ভাৰত ৰে’লসমূহ উদয়পুৰ-জয়পুৰ, তিৰুনেলভেলি-মাদুৰাই-চেন্নাই, হায়দৰাবাদ-বেংগালুৰু, বিজয়ৱাড়া-চেন্নাই, পাটনা-হাওৰা, কাচাৰাগোড-তিৰুৱন্তপুৰম, ৰাউৰকিলা-ভূৱনেশ্বৰ-পুৰী, ৰাঁচী-হাওৰা আৰু জামনগৰ-আহমেদাবাদৰ মাজত চলিব।
জানিব পৰা মতে, এই বন্দে ভাৰত ৰে’লসমূহে নিজ নিজ পথত সৰ্বাধিক দ্ৰুতগতিত চলাব, যাৰ ফলত যাত্ৰীসকলৰ যাত্ৰাৰ সময় বহু পৰিমাণে হ্ৰাস পাব ।
এক বিবৃতি উল্লেখ কৰা অনুসৰি, ৰুড়কেলা-ভুৱনেশ্বৰ–পুৰী বন্দে ভাৰত এক্সপ্ৰেছ আৰু কাছাৰগোড়-তিৰুৱনন্তপুৰম বন্দে ভাৰত এক্সপ্ৰেছ নিজৰ পথত বৰ্তমানৰ দ্ৰুততম ৰে’লতকৈ প্ৰায় ৩ ঘণ্টা অধিক দ্ৰুত হ’ব । একেদৰে হায়দৰাবাদ–বেংগালুৰু বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীৰ ২. ৫ ঘণ্টাৰো অধিক সময় ৰাহি হ’ব আৰু তিৰুনেলভেলী-মাদুৰাই-চেন্নাই বন্দে ভাৰত এক্সপ্ৰেছে যাত্ৰাৰ সময় ২ ঘণ্টাৰো অধিক হ্ৰাস কৰিব । বন্দে ভাৰত ৰে’লসমূহ ইয়াৰ পৰিচালনাৰ পথত দ্ৰুততম ৰে’ল হ’ব আৰু যাত্ৰীসকলৰ যথেষ্ট সময় ৰাহি কৰিব পাৰিব।
বন্দে ভাৰত ৰে’লৰ এই নতুন শৃংখলাৰ ৰে’লসমূহৰ সন্মুখৰ ডিজাইন ইয়াৰ পূৰ্বৰ শৃংখলাৰ ৰে’লবোৰতকৈ কিছু পৃথক। এই নতুন শৃংখলাৰ ৰে’লসমূহত ২৫টা পৰিৱৰ্তন কৰা হৈছে। ৰাউৰকিলা-ভূৱনেশ্বৰ-পুৰী আৰু কাচাৰাগোড-তিৰুৱন্তপুৰম পথত বৰ্তমানৰ দ্ৰুততম ৰে’লৰ তুলনাত, বন্দে ভাৰত ৰে’লে সম্পৰ্কিত গন্তব্যস্থানসমূহৰ মাজত ভ্ৰমণৰ সময় প্ৰায় ৩ ঘণ্টা হ্ৰাস কৰিব।
লগতে পঢ়ক : Vande Bharat Express Launch : আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ৯ খনকৈ বন্দে ভাৰত ৰে’ল