Local, Vocal, Global

Electricity Board Employe Attacked : এইবাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ গুণ্ডাগিৰী

গোৱালপাৰা,২০ছেপ্টেম্বৰ : এইবাৰ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ গুণ্ডাগিৰী । চিকিৎসকৰ আক্ৰমণ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক । এক আজৱ ঘটনা সংঘটিত হৈছে শিমলীতোলা ৰাজ্যিক চিকিৎসালয়ত(APDCL Employee Beaten) ।

এইবাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে গোৱালপাৰাত । পুনৰ ৰাজ্যত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক আক্ৰমনৰ ঘটনা।শিমলীতোলা কে এন মেধি ডিচপেনছেৰিৰ চিকিৎসালয়ৰ চিকিৎসক জয়দেৱ দাসৰ নেতৃত্বত কৰা হয় আক্ৰমন(Electricity Board Employe Attacked)।

জানিব পৰা মতে, কৰ্মৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক প্ৰহাৰ কৰি কাঢ়ি নিয়ে টকা। শিমলীতোলা ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসক জয়দেৱ দাসৰ নেতৃত্বত এটা বৃহৎ দলে আক্ৰমন কৰে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক(Electricity Board Employe Attacked)।

ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মঙলবাৰে নিশা বিভাগটোৰ ধূপধাৰা উপ সংমণ্ডলৰ অধীনস্থ শিমলীতোলাত ট্ৰান্সফৰমাৰ এটাত বিজুতি ঘটে। নিশাৰ ভাগতে ৰাইজৰ সুবিধাৰ বাবে কেবাজনীয়া কৰ্মচাৰীৰ এটা দলে ট্ৰান্সফৰমাৰটো ঠিক কৰিবলৈ যায়।কাম শেষ কৰি কৰ্মচাৰী কেইজনে ঘৰলৈ ওভতি অহাৰ পথত তেওঁলোকক চিকিৎসক জয়দেৱ দাসৰ নেতৃত্বত কেবাজনীয়া এটা দলে বাট আগচি ধৰি নানা প্ৰশ্ন কৰে(Attack on Electricity Board employee)।

আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীকেইজনক ডকাইতি কৰিবলৈ আহিছোঁ বুলি কৈ বেয়াকৈ মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰাৰ লগতে দুটাকৈ মোবাইল ভাঙি দিয়ে লগতে নগদ ৫০ হাজাৰ টকা কাঢ়ি লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী কৰ্মচাৰীয়ে।

এই ঘটনা সংঘটিত কৰা আটাইকেইজন অভিযুক্তক চিনাক্ত কৰিব পৰা নাই যদিও ভুক্তভোগীয়ে বৰ্তমানলৈ চিনাক্ত কৰা লোককেইজন জয়দেৱ দাস, ৰফিকুল খান, মিতুল মেধি আৰু অমিতাভ মেধি।

এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগী কৰ্মচাৰী কেইজন আৰু বিভাগীয় কৰ্তৃপক্ষক পৃথকে পৃথকে শিমলীতোলা আৰক্ষী চকীত এজহাৰ দাখিল কৰিছে আৰু তদন্ত সাপেক্ষে দোষীক উচিত শাস্তিৰ দাবী জনাইছে।

লগতে পঢ়ক :Horrific road accident : ভয়ংকৰ দুৰ্ঘটনা,২০০ ফুট তলত বাগৰি পৰিল বাহন