Local, Vocal, Global

Horrific road accident : ভয়ংকৰ দুৰ্ঘটনা,২০০ ফুট তলত বাগৰি পৰিল বাহন

নিউজ ডেস্ক, ২০ ছেপ্টেম্বৰ : শোকাৱহ পথ দুৰ্ঘটনা(Terrible accident) । ট্রাক আৰু টাটা চুমৰ মাজত মুখামুখী সংঘৰ্ষ। ফলত থিতাতে নিহত ১০গৰাকী যাত্ৰী(Terrible accident in Nagaland) ।

উল্লেখ্য যে, নাগালেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।মৰিয়নী-নাগালেণ্ড পথত ট্রাক আৰু যাত্ৰীবাহী টাটা চুমৰ মাজত মুখামুখী সংঘৰ্ষ হয়(Road accident)। সংঘৰ্ষৰ ফলত টাটা ছুম’খনত থকা ১০জন যাত্ৰীৰ থিতাতে মৃত্যু হয় ।

জানিব পৰা মতে , এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে বাহন দুখন প্ৰায় ২০০ ফুট তলত বাগৰি পৰে । নিশা হোৱা প্রৱল বৃষ্টিপাতৰ বাবে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে(Horrific road accident) । নাগালেণ্ডৰ জোনোপোটৰ পৰা আগ্নাটোলৈ যোৱাৰ পথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। মৰিয়নিৰ নাগালেণ্ড পথত সংঘটিত এই দুৰ্ঘটনাটো । মালবাহী ট্রাকখনৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা বৰ্তমান সংকটজনক(Terrible accident in Nagaland)।

লগতে পঢ়ক :Road Accident: বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা