Anantnag encounter enters day 6 : জম্মু-কাশ্মীৰত চলি থকা সন্ত্ৰাসবাদীৰ বিৰোধী অভিযানৰ ষষ্ঠদিন
নেশ্যনেল ডেস্ক, ১৮ছেপ্টেম্বৰ : অব্যাহত আছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ । সন্ত্ৰাসবাদীক বিচাৰি নিৰাপত্তা বাহিনীয়ে দুৰ্গম অঞ্চলবোৰত অভিযান চলাই আছে(Anantnag encounter enters day 6)। উল্লেখ্য যে, সন্ত্ৰাসবাদীসকলে আত্মগোপনৰ বাবে ব্যৱহাৰ কৰা অনন্তনাগৰ গভীৰ অৰণ্য আৰু দুৰ্গম অঞ্চলবোৰ একপ্ৰকাৰ যেন সন্ত্ৰাসবাদীৰ দুৰ্গ হৈ পৰিছে । সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত এতিয়ালৈ ৪ জন সুৰক্ষা কৰ্মী শ্বহীদ হৈছে( gunbattle with terrorists has been going on for 6 days) ।
আজি জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত চলি থকা সন্ত্ৰাসবাদীৰ বিৰোধী অভিযানৰ ষষ্ঠদিনত প্ৰৱেশ কৰিছে । এই সন্ত্ৰাসবাদী বিৰোধী অভিযান ১৩ ছেপ্টেম্বৰত আৰম্ভ হৈছিল । ১৩ ছেপ্টেম্বৰত আৰম্ভ হৈছিল এনকাউণ্টাৰ । শ্বহীদ হৈছিল ভাৰতীয় সেনাৰ তিনিজন জোৱান । শ্বহীদ জোৱানকেইজন ক্ৰমে কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশিস ধোনাক আৰু এজন সৈন্য । ইয়াৰ উপৰিও এই সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষত শ্বহীদ হয় জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-অধীক্ষক হুমায়ুন মুজামিল ভাট । জানিব পৰা মতে, এই সংঘৰ্ষৰ ফলত এজন সৈনিক সন্ধানহীন হয়(Anantnag encounter enters day 6) ।
বিগত কেইদিনমান ধৰি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসাবাদীৰ মাজত ড্ৰোণ আৰু গধুৰ আৰ্টিলাৰীৰ নিখুঁত আক্ৰমণ চলি আছে । অনন্তনাগৰ পাহাৰীয়া অঞ্চলত আত্মগোপন কৰা সন্ত্ৰাসবাদীক বিচাৰি ড্ৰোণৰ জৰিয়তে অভিযান চলাই আছে নিৰাপত্তা বাহিনীয়ে । তাত উগ্ৰপন্থীসকল আবদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে । কিন্তু বৰ্তমানলৈ কোনো লক্ষণ এতিয়ালৈকে দেখা যোৱা নাই( Enters its sixth day a massive crackdown on militants continues) ।
উল্লেখ্য যে এই অভিযান ২০০৮ চনৰ পিছত এতিয়ালৈকে চলি থকা তৃতীয় দীৰ্ঘতম সময়ৰ অভিযান হিচাপে পৰিগণিত হৈছে । উল্লেখ্য যে ২০২১ চনত জম্মু প্ৰদেশৰ জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ ডেৰা কি গলি আৰু ভীম্ৰ গলিৰ মাজৰ অৰণ্যত প্ৰথম দীৰ্ঘতম সংঘৰ্ষ হৈছিল । এই অভিযান ১৯ দিন ধৰি চলিছিল । ২০২১ চনৰ ১১ অক্টোবৰত সংঘটিত এই অভিযানত দুজন কনিষ্ঠ আয়ুক্ত বিষয়াসহ (জেচিঅ’) ৯ জন সেনা জোৱান নিহত হয় । ১৯ দিনৰ অন্তত তালাচী আৰু অভিযানৰ পিছত সেনাই ৩০ অক্টোবৰত এই অভিযান বন্ধ কৰিছিল ।
লগতে পঢ়ক :Anantnag terror operation : অব্যাহত আছে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ সংঘৰ্ষ