Special Session of Parliament: আজিৰে পৰা সংসদৰ বিশেষ অধিবেশন আৰম্ভ; অধিবেশনৰ প্ৰথম দিনটোত প্ৰধানমন্ত্ৰীয়ে লোকসভাত ভাষণ প্ৰদানৰ সম্ভাৱনা
নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : আজিৰে পৰা সংসদৰ বিশেষ অধিবেশন আৰম্ভ । পাঁচদিনীয়াকৈ হ’ব সংসদৰ বিশেষ অধিবেশন(Special Session of Parliament) ।
সূত্ৰই প্ৰকাশ কৰা অনুসৰি সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া বিশেষ সংসদ অধিৱেশনত লোকসভাত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাত নিম্ন সদনত ভাষণ প্ৰদান কৰাৰ সম্ভাৱনা ।
সোমবাৰৰ পৰা আৰম্ভ হ’ব সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশন আৰু এই সময়ছোৱাত ১৯ ছেপ্টেম্বৰত সংসদৰ কাৰ্য্যবিধি পুৰণিৰ ভৱনৰ পৰা নতুন অত্যাধুনিক ভৱনলৈ স্থানান্তৰিত হ’ব।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰলহাদ যোশীয়ে দেওবাৰে উল্লেখ কৰে যে, অধিবেশনত ৫খন বৈঠক অনুষ্ঠিত হ’ব, ইয়াৰ উপৰিও এই অধিবেশনত আঠটা আইনী বিষয় গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
এই অধিৱেশনত পুৰণি সংসদ ভৱনৰ বিভিন্ন বিষয় আৰু ইয়াৰ ঐতিহাসিক যাত্ৰাৰ বিষয়ে আলোচনা কৰা হ’ব । লগতে সংসদৰ পুৰণি ভৱনৰ ৭৫ বছৰীয়া সংসদীয় যাত্ৰা – কৃতিত্ব, অভিজ্ঞতা, স্মৃতি আৰু শিক্ষণ”ৰ বিষয়েও আলোচনা কৰা হ’ব।
দেওবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে নতুন সংসদ ভৱনৰ “গাজা দ্বাৰ”ৰ ওপৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই অনুষ্ঠানত লোকসভাৰ অধ্যক্ষ ওম বিৰলাও উপস্থিত থাকে । ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব সংসদৰ বিশেষ অধিৱেশন।
চৰকাৰে যোৱা সপ্তাহত বিশেষ অধিবেশনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে সংসদৰ দুয়োখন সদনৰ সুশৃংখল কাৰ্যকলাপৰ বাবে সক্ৰিয় সহযোগিতা আৰু সমৰ্থনৰ বাবে সকলো পক্ষক অনুৰোধ জনায় ।
ইফালে সংসদত ৰাজনৈতিক দলসমূহৰ নেতাৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ আৰু ৩৪ টা দলৰ ৫১ গৰাকী নেতাকে ধৰি বিভিন্ন মন্ত্ৰী উপস্থিত থাকে ।
মন্ত্ৰী যোশীয়ে নেতাসকলক কোৱা মতে ১৯ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা ১০.৪৫ বজালৈ ফটো ছেছন অনুষ্ঠিত হ’ব । তাৰ পাছত পুৱা ১১ বজাত কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰা হ’ব য’ত ৰাজ্য সভা উপ-সভাপতি/অধ্যক্ষ, প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সদনৰ নেতা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী, ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা আৰু লোকসভাৰ সৰ্ববৃহৎ বিৰোধী দলৰ নেতা আৰু সংসদৰ দুয়োখন সদনৰ সদস্যসকল উপস্থিত থাকিব । এই অনুষ্ঠান সমাপ্ত হোৱাৰ পাচত দুয়োখন সদনে নতুন সংসদ ভৱনত তেওঁলোকৰ নিজ নিজ চেম্বাৰত মিলিত হ’ব ।
লগতে পঢ়ক :Parliament special session to commence today : আজিৰে পৰা সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন