Brazil Plane Crash : ভয়ংকৰ বিমান দুৰ্ঘটনা; মৃত্যু ১৪ জন লোকৰ
ইন্টাৰনেশ্যনেল ডেস্ক, ১৭ছেপ্টেম্বৰ : এক ভয়ংকৰ বিমান দুৰ্ঘটনা। ফলত মৃত্যু ১৪জন বিমান যাত্ৰীৰ । ব্ৰাজিলৰ উত্তৰ আমাজন ৰাজ্যত সংঘটিত হয় এক শোকাৱহ বিমান দুৰ্ঘটনাটো ৷ উল্লেখ্য় যে, শনিবাৰে ব্ৰাজিলৰ উত্তৰ আমাজন ৰাজ্য ৰাজধানী মানাউছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ (২৪৮ মাইল) দূৰত্বত অৱস্থিত বাৰ্চেলছ প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো(Brazil Plane Crash)।
জানিব পৰা মতে, এখন মজলীয়া আকাৰৰ বিমান হোৱাৰ ফলত যাত্ৰী আৰু ক্ৰুকে ধৰি ১৪ জন লোকৰ মৃত্যু হয় । বাণ্ডেইৰাণ্টে মডেলৰ বিমানখনত পাইলট আৰু সহ-পাইলটৰ সৈতে ১৪ গৰাকী যাত্ৰী আছিল(14 dead after medium sized aircraft crashes in Barcelos) ।
আমাজনাছ ৰাজ্যৰ গৱৰ্ণৰ উইলছন লিমাই টুইটাৰযোগে কয় যে, “শনিবাৰে বাৰ্চিলোনাত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত ১২ জন যাত্ৰী আৰু দুজন ক্ৰুৰ মৃত্যুৰ বাবে মই গভীৰ শোক প্ৰকাশ কৰিছো। আমাৰ দলসমূহে আৰম্ভণিৰে পৰাই প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ কাম কৰি আহিছে। ভুক্তভোগীৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা জনাইছো।
প্ৰাপ্ত তথ্য অনুসৰি, বিমানখনত থকা যাত্ৰীসকলে বিনোদনমূলক মৎস্য চিকাৰৰ অনুশীলন বাবে গৈছিল। অৱতৰণৰ সময়ত হোৱা প্ৰচণ্ড বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে এই বিমান দুৰ্ঘটনা সংঘটিত হয়। কৰ্তৃপক্ষই মৃতকৰ সবিশেষ তথ্য প্ৰদান কৰা নাই । কিন্তু বহু প্ৰতিবেদনত কোৱা হৈছিল যে মৃতলোকসকলৰ মাজত আমেৰিকাৰ নাগৰিককো আছিল।
CNN ব্ৰাজিলৰ বাতৰি অনুসৰি দুৰ্ঘটনাটো শনিবাৰে বিয়লি প্ৰায় ৩ বজাত দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰতিকূল বতৰৰ বাবেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ লগতে বিমান অৱতৰণৰ সময়ত প্ৰচণ্ড বৰষুণ হৈছিল বুলি প্ৰতিবেদনত উল্লেখ ।
লগতে CNN য়ে জানিবলৈ দিয়া অনুসৰি, বিমানখনত থকা যাত্ৰীসকলে বিনোদনমূলকভাৱে মাছ ধৰাৰ অনুশীলন কৰিবলৈ ওলাইছিল । চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড প্ৰিভেনচন অৱ এৰ’নটিকেল এক্সিডেণ্টে এক বিবৃতিত নিশ্চিত কৰিছে যে সপ্তম আঞ্চলিক চাৰ্ভিচ ফৰ ইনভেষ্টিগেচন এণ্ড প্ৰিভেনচন অৱ এৰ’নটিকেল এক্সিডেণ্টছ (Seripa VII)ৰ তদন্তকাৰী দলক বিমান দুৰ্ঘটনাস্থলীত উপস্থিত হয় এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে(14 killed as medium sized aircraft crashes in Brazil) ।
CNN ব্ৰাজিলৰ মতে, বিমানখন চলোৱা কোম্পানী মানাউছ এৰোটাক্সিয়ে এক বিবৃতিত নিশ্চিত কৰিছে যে এই দুৰ্ঘটনাটোত পিটি-এছঅ’জি বিমান জড়িত আছিল । অসামৰিক প্ৰতিৰক্ষা বিভাগে বিবৃত্তিযোগে নিহত ব্যক্তিসকললৈ শোক প্ৰকাশ কৰিছে ।
লগতে পঢ়ক :Lucknow tragic: এক শোকাৱহ দুৰ্ঘটনা; ছাদ খহি মৃত্যু একেটা পৰিয়ালৰ ৫জনকৈ লোকৰ