Nipah Virus Outbreak in Kerala: ক’ভিড-১৯ৰ পাছত নিপা ভাইৰাছৰ সন্ত্ৰাস
নেশ্যনেল ডেস্ক, ১৬ছেপ্টেম্বৰ : সাৱধান ভয়াৱহ ৰূপত আহিছে নিপা ভাইৰাছ ! এইবাৰ নিপা ভাইৰাছৰ সংক্ৰমণ । ক’ভিড-১৯ৰ পাছত নিপা ভাইৰাছে সৃষ্টি কৰিছে সন্ত্ৰাসৰ। শংকিত হৈছে ৰাজ্য (Nipah Virus Outbreak In Kerala) ।
কেৰালাত নিপা ভাইৰাছৰ সন্ত্ৰাস । কেৰালাত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিপা ভাইৰাছ । ৰাজ্যখনৰ কেইবাখনো জিলাত ভয়াবহ ৰূপ লৈছে নিপা ভাইৰাছে । নিপা ভাইৰাছৰ ত্ৰাসৰ বাবে শুকুৰবাৰে জিলা প্ৰশাসনে জাৰি কৰে এক নিৰ্দেশনা । নিৰ্দেশনা মৰ্মে কেৰেলাৰ কোজিকোডৰ সকলো শিক্ষানুষ্ঠান অহা ২৪ ছেপ্টেম্বৰলৈ অৰ্থাৎ এসপ্তাহৰ বাবে বন্ধ ৰখা হ’ব(All educational institutes to remain shut in Kozhikode till Sept 24) ৷
স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈ নিপা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ১,০৮০ জন ৷ ইয়াৰে শুকুৰবাৰৰ দিনটোত বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা । শুকুৰবাৰে ১৩০ জন লোক নতুনকৈ আক্ৰান্ত হৈছে এই ভাইৰাছত । নিপা ভাইৰাছত আক্ৰান্ত হোৱা লোকসকলৰ ভিতৰত ৩২৭ জন স্বাস্থ্যকৰ্মী বুলিও জানিব পৰা গৈছে(Nipah virus puts Kerala under siege again with fourth outbreak) ।
লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি, ৩০ আগষ্টত মৃত্যু হোৱা ব্যক্তিজনৰ স্বাস্থ্যপৰীক্ষা আৰু তেজৰ নমুনা পৰীক্ষা কৰাত মৃতলোকজনৰ পজিটিভ ৰিপ’ৰ্ট লাভ কৰা হৈছিল ৷ এই ৰিপ’ৰ্ট লাভ কৰাৰ পাছতে তেওঁৰ সংস্পৰ্শত অহা লোকৰ সন্ধানত নামি পৰে জিলা স্বাস্থ্য বিভাগ ৷
স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে উল্লেখ কৰা অনুসৰি, নিপা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজনৰ সংস্পৰ্ষত অহা ৬ জন ব্যক্তিৰ শৰীৰত নিপা ভাইৰাছৰ উপস্থিতি লাভ কৰিছে আৰু ইয়াৰ সংস্পৰ্ত অহা ব্যক্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, নিপা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাৰ বাবে সকলো চিকিৎসালয়তে চিকিৎসা ব’ৰ্ড গঠন কৰা হৈছে ৷ চিকিৎসা ব’ৰ্ডৰ সদস্যসকলে দিনটোত দুবাৰকৈ বৈঠকত মিলিত হ’ব লাগে ৷ তাৰ পাছত দিনটোৰ প্ৰতিবেদন স্বাস্থ্য বিভাগক জমা দিব লাগে । ৰাজ্যখনত সংক্ৰমিত হোৱা এই ৰোগক নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰট’কলৰ আধাৰতে জিলা উপায়ুক্তই এই সন্দৰ্ভত উক্ত নিৰ্দেশনা জাৰি কৰিছে ।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICMR) নিপাহ ভাইৰাছৰ সংক্ৰমণ কৰোনাতকৈ অধিক বিপদজনক বুলি উল্লেখ কৰিছে । নিপাহ ভাইৰাছ সংক্ৰমণত মৃত্যুৰ হাৰ ৪০-৭০ শতাংশ, যি কৰোনাত এই হাৰ ২-৩ শতাংশহে আছিল। গতিকে নিপাহ ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ হাৰ কৰোনা ভাইৰাছৰ ফলত হোৱা মৃত্যুৰ হাৰতকৈ বহুগুণ বেছি।
ICMRৰ সঞ্চালক প্ৰধান ৰাজীৱ বহেলে কয় যে কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত আছে।
লগতে পঢ়ক :Nipah Virus Kerala : ক’ভিড-১৯ৰ পাছত নিপা ভাইৰাছৰ সন্ত্ৰাস