J&K encounter: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত
নেশ্যনেল ডেস্ক, ১৪ছেপ্টেম্বৰ : শান্ত হোৱা নাই জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ । বুধবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ নৰলা অঞ্চলত সংঘটিত হোৱা সংঘৰ্ষৰ ফলত ভাৰতীয় সেনাৰ কৰ্ণেলসহ ৩ গৰাকীকৈ জোৱান শ্বহীদ হয়(J&K encounter) ।
উল্লেখ্য যে, মঙলবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ নাৰলা অঞ্চলত আৰম্ভ হোৱা এক সংঘৰ্ষৰ সময়ত নিৰাপত্তাৰক্ষীৰ গুলীত দুই সন্ত্ৰাসবাদী নিহত হয় । লগতে বুধবাৰে নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত হোৱাৰ ফলত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ এখন দুৰ্গম গাঁৱত চলি থকা তালাচী অভিযানৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাই বুলি বিষয়াসকলে জানিবলৈ দিয়ে(Second terrorist killed during encounter in J&Ks Rajouri) ।
বৃহস্পতিবাৰে পুনৰ ভাৰতীয় সেনাই জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ।
জানিব পৰা মতে, বুধবাৰে কাশ্মীৰত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীচালনাত এগৰাকী ভাৰতীয় সেনাৰ কৰ্ণেল, এজন মেজৰ আৰু এজন উপ আৰক্ষী অধীক্ষক নিহত হয় । নিহত বিষয়াসকলক ক্ৰমে কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোনাক আৰু ডিএছপি হুমায়ুন ভাট বুলি চিনাক্ত কৰা হৈছে । এক্স(পূৰ্বৰ টুইটা)ত কাশ্মীৰ জ’নৰ আৰক্ষীয়ে তিনিওগৰাকী জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । শ্বহীদ আৰক্ষী জোৱানকেইজন সন্ত্ৰাসবাদী বিৰুদ্ধে চলোৱা অভিযানত নেতৃত্ব দিছিল(J&K police Army resume operation on second day) ।
ইফালে জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এনকাউণ্টাৰৰ শ্বহীদসকলৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে(Army police resume operation on second day as nation mourns slain officers) । লেফটেনেণ্ট গভৰ্ণৰৰ কাৰ্যালয়ে এক্স (পূৰ্বৰ টুইটাৰ) পোষ্টত কৈছে যে হুমায়ুন ভাটৰ লগতে কৰ্ণেল মনপ্ৰীত সিং আৰু মেজৰ আশীষ ধোনাকৰ অদম্য সাহস আৰু সৰ্বোচ্চ ত্যাগক সন্মান জনাই । এই শোকৰ সময়ত সমগ্ৰ ৰাষ্ট্ৰ তেওঁলোকৰ পৰিয়ালৰ সৈতে আছে বুলিও তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক :Terrorist killed in JK: ৰাজৌৰী জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী