Assam Legislative Assembly : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিন
নিউজ ডেস্ক, ১৪ছেপ্টেম্বৰ : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চতুৰ্থ দিন । সোমবাৰৰ পৰা আৰম্ভ হৈছিল বিধান সভাৰ শৰৎকালীন অধিৱেশন। নৱনিৰ্মিত বিধানসভা ভৱনত আৰম্ভ হৈছে এইবাৰৰ বিধান সভাৰ শৰৎকালীন অধিৱেশন(Autumn session of Assam Legislative Assembly to begin newly constructed building)। অসম বিধানসভাৰ নতুন ভৱনত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব অধিবেশন । এই অধিৱেশনত মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা।
প্ৰথম দিনৰ অধিবেশনত বিৰোধীয়ে লোড শ্বেডিঙৰ প্ৰসংগত বিধানসসভা উত্তাল হৈ পৰে আৰু সভা স্থগিতৰ প্ৰস্তাৱ আনে যদিও, ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে পিছত আকৌ এই সন্দৰ্ভত আলোচনা কৰা হয় ৷ লোড শ্বেডিং তথা শক্তিখণ্ডৰ বিষয়ত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam Legislative Assembly) ৷
সোমবাৰে বিধানসভাৰ পূৰ্বে বিধানসভাৰ বাহিৰত দেখা গ’ল অখিল গগৈক অন্য ৰূপত । হাতত লেম্প আৰু বিচনী লৈ অখিল গগৈ কৰে প্ৰতিবাদ ।অধিৱেশনতো মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত চলিল বাকযুদ্ধ ৷ ইফালে বিগত ২৩ বছৰত অসমৰ পৰা মাত্ৰ বিদেশী বহিস্কাৰ কৰাৰ তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰে মুখ্যমন্ত্ৰীয়ে ৷ বিধায়ক অখিল গগৈয়ে সোধা প্ৰশ্নৰ উত্তৰৰ তথ্য দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজি অধিবেশনৰ দ্বিতীয় দিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷
দ্বিতীয় দিনৰ অধিৱেশনত বিৰোধীয়ে ৰাজ্যত আটা কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি সদন উত্তাল কৰে ৷ তাৰোপৰি অসম চৰকাৰৰ পোনপটীয়া চাকৰি নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱা বুলি এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে তোলা অভিযোগৰ উত্তৰ প্ৰদানৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত তীব্ৰ বাকযুদ্ধ হোৱা দেখা যায় ৷ আমিনুল ইছলামৰে গণ প্ৰহাৰ সম্পৰ্কীয় এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ কালতো মন্ত্ৰী পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত বাদানুবাদৰ সৃষ্টি হয় ৷ ইফালে অখিল গগৈয়ে সদনত বাৰম্বাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি ক্ৰয়ৰ প্ৰসংগ উত্থাপনৰ চেষ্টা কৰা দেখা যায় ৷
তৃতীয় দিনা শিৱসাগৰৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ক শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত কৰিব খোজা বিষয়ৰ বিৰোধিতা কৰি বুধবাৰে বিৰোধী দল কংগ্ৰেছে সদন ত্যাগ কৰে ৷ তাৰ পূৰ্বে শিবামণি বৰাই অসম চুক্তি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কংগ্ৰেছৰ দিনত অসম আন্দোলনত মানুহক হত্যা কৰা বুলি কৈ বিৰোধীৰ ক্ষোভৰ সন্মুখীন হয় মন্ত্ৰী অতুল বৰা ৷
বুধবাৰে মুখ্যমন্ত্ৰীয়ে আকাশী পথেৰে যাত্ৰাৰ ক্ষেত্ৰত কৰা ব্যয়ক লৈ সৰব হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ তাৰ মাজতেই অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা বাছৰ ক্ষেত্ৰত এক উদ্বেগজনক তথ্য পোহৰলৈ আহে ৷ তৃতীয় দিনাও সদনত শাসকীয় দলৰ তাচ্ছিল্যৰ সন্মুখীন হোৱা দেখা গ’ল বিধায়ক অখিল গগৈ ৷ এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়কগৰাকীয়ে ৷
ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীক বিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৩৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা নতুন স্থায়ী ভৱনটোত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে বিধানসভাৰ শৰৎকালীন অধিৱেশন ।
লগতে পঢ়ক :Assam Assembly : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ তৃতীয় দিন