Local, Vocal, Global

Ayushman bhava campaign :‘আয়ুষ্মান ভৱ’ আঁচনিৰ শুভ উদ্বোধন, ভাৰ্চুৱেলী মুকলি কৰা হয় এই অনুষ্ঠানৰ

নিউজ ডেস্ক, ১৩ছেপ্টেম্বৰ : আজি ‘আয়ুষ্মান ভৱ’ আঁচনিৰ শুভ উদ্বোধন কৰে । ভাৰ্চুৱেলী মুকলি কৰা হয় এই অনুষ্ঠানৰ। গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত আয়ুস্মান ভৱ আঁচনিৰ শুভাৰম্ভণি কৰা হয় ৷

আজি অৰ্থাত বুধবাৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আয়ুস্মান ভৱ আঁচনিৰ ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ভাৰ্চুৱেলী শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ । ‘আয়ুষ্মান ভৱ’ আঁচনিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যকে ধৰি বহু বিশিষ্ট ব্যক্তি(Ayushman bhava campaign) ।

উল্লেখ্য যে, স্বাস্থ্য সেৱাৰ আঁচনিসমূহক প্ৰমূল্যবোধেৰে সংপৃক্তকৰণৰ অভিযান স্বৰূপে এই আঁচনিৰ শুভাৰম্ভ কৰা হয় । এই অনুষ্ঠানত শুভাৰম্ভ কৰা হয় আয়ুস্মান ভৱ আঁচনি, আয়ুস্মান ভৱ প’ৰ্টেলৰ ৷

১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলিব আয়ুস্মান ভৱৰ অভিযান ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপজা দিনক কেন্দ্ৰ কৰি এই অভিযান চলিব । ইয়াৰ উদ্দেশ্য হৈছে আয়ুস্মান ভাৰতৰ কাৰ্ড নথকা প্ৰতিটো পৰিয়ালক সাঙুৰি লোৱাৰ ৷

‘আয়ুষ্মান ভৱ’ আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে , ‘‘স্বাস্থ্যসেৱা মানুহৰ ঘৰৰ পদুলিলৈ লৈ যোৱাৰ সংকল্পৰে এই আঁচনিৰ শুভাৰম্ভ কৰা হৈছে । অসমৰ প্ৰতিঘৰ লোকৰ ঘৰে ঘৰে আয়ুস্মান কাৰ্ড দিয়াৰ পৰিকল্পনা কৰা হৈছে । ইতিমধ্যে ৪৫লাখ কাৰ্ড হিতাধিকাৰীসকলে লাভ কৰিছে ।আৰু এই অভিযানত ১কোটি ৯৮লাখৰ কাৰ্ডৰ লক্ষ্য লৈ আগবাঢ়িছে । GMCH ত প্ৰতিদিনে ১০০জনকৈ আয়ুস্মান কাৰ্ড লৈ চিকিৎসাৰ বাবে আগবাঢ়ি আহে । চৰকাৰী কৰ্মচাৰী-বিষয়াৰ বাবেও এই সুবিধা দিয়াৰ বাবে আগবাঢ়ি গৈ আছে ।

লগতে পঢ়ক :Ayushman bhava campaign: ভাৰ্চুৱেলী মুকলি কৰিব ’আয়ুষ্মান ভৱ’ অভিযান, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মুকলি কৰিব এই অনুষ্ঠানৰ