Putin commends the policies of PM Modi : ৰাছিয়াৰ ৰাষ্ট্ৰপতি মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিৰ প্ৰশংসা
ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ছেপ্টেম্বৰ : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা(Putin commends the policies of PM Modi)।
ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভষ্টকত অনুষ্ঠিত অষ্টম ইষ্টাৰ্ণ ইকনমিক ফ’ৰাম (ইইএফ)ত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মেক ইন ইণ্ডিয়া’ নীতিক প্ৰশংসা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মে’ক ইন ইণ্ডিয়া কাৰ্যসূচীৰ প্ৰচাৰৰ ক্ষেত্ৰত সঠিক কাম কৰি আছে(Russian President Vladimir Putin praises PM Modi Make in India in automobiles) ।
ৰাছিয়াত নিৰ্মিত গাড়ী সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত পুটিনে কয় যে ঘৰুৱাভাৱে নিৰ্মিত অটোম’বাইল ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰতে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ইয়াৰ নীতিৰ জৰিয়তে উদাহৰণ দাঙি ধৰিছে।
মঞ্চত এক ভাষণত পুটিনে কয় “আপোনালোকে জানে ৯০ৰ দশকত আমাৰ লগত ঘৰুৱাভাৱে নিৰ্মিত গাড়ী নাছিল, কিন্তু এতিয়া আমাৰ হাতত আছে। এইটো সঁচা যে নব্বৈৰ দশকত মাৰ্চিডিজ বা অ’ডি গাড়ীতকৈ দেখাত তেনেই সাধাৰণ আছিল ।” মই ভাবো যে আমি আমাৰ বহু অংশীদাৰক অনুকৰণ কৰা উচিত। তেওঁলোকে ভাৰতত নিৰ্মিত বাহন নিৰ্মাণ আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মই ভাবো যে প্ৰধানমন্ত্ৰী মোদীয়ে মেক ইনৰ প্ৰচাৰত সঠিক কাম কৰিছে ।
তেওঁ লগতে কয় যে ৰাছিয়াত নিৰ্মিত অটোম’বাইল ব্যৱহাৰ কৰাটো একেবাৰে ঠিকেই আছে।
“আমাৰ ওচৰত (ৰাছিয়াত নিৰ্মিত) অটোম’বাইল আছে আৰু আমি সেইবোৰ ব্যৱহাৰ কৰিব লাগিব; এইটো একেবাৰে সঠিক । ইয়াৰ ফলত আমাৰ ডব্লিউটিঅ’ৰ দায়বদ্ধতাৰ কোনো উলংঘন নহ’ব । ই ৰাষ্ট্ৰীয় ক্ৰয়ৰ বিষয় । বিভিন্ন শ্ৰেণীৰ বিষয়াসকলে কি গাড়ী চলাব পাৰে সেই সন্দৰ্ভত আমি এক নিৰ্দিষ্ট শৃংখলা সৃষ্টি কৰিব লাগিব, যাতে তেওঁলোকে ঘৰুৱাভাৱে নিৰ্মিত গাড়ী ব্যৱহাৰ কৰে ।”পুটিনে ভ্লাদিভষ্টকত দিয়া ভাষণৰ ক্ৰেমলিনৰ ৱেবছাইটত পোষ্ট কৰা পূৰ্ণাংগ অধিবেশনৰ প্ৰতিলিপিত এই কথা প্ৰকাশ কৰিছে ।
আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় ইউনিয়ন, চৌদি আৰব আৰু ভাৰতৰ সৈতে এক নতুন অৰ্থনৈতিক কৰিডৰ সৃষ্টিৰ ক্ষেত্ৰত সন্মত হৈছে । কিন্তু প্ৰকল্পটো ৰাছিয়াৰ হিতৰ বাবে হ’ব । ইষ্টাৰ্ণ ইকন’মিক ফ’ৰামত দিয়া পুটিনৰ ভাষণৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ সংস্থা টাছে প্ৰকাশ কৰিছে ।
আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে কয় যে, আইএমইচিয়ে দেশখনক লজিষ্টিক বিকাশত সহায় কৰিব আৰু লগতে কয় যে, প্ৰকল্পটো কেইবা বছৰ ধৰি আলোচনাৰ মেজত আছে ।
উল্লেখ্য যে, নতুন দিল্লীত জি-২০ সন্মিলনৰ সময়ত শনিবাৰে ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউএই, চৌদি আৰব, ফ্ৰান্স, জাৰ্মানী, ইটালী আৰু ইউৰোপীয় ইউনিয়নে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছত তেওঁৰ এই মন্তব্য আহিছে ।