Assam Rifles seizes weapon : মিজোৰামত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : মিজোৰামত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্র । মিজোৰামত অসম ৰাইফলছ আৰু মিজোৰাম আৰক্ষীৰ যুটীয়া অভিযান চলাইছিল । এই অভিযানত আৰক্ষীয়ে জব্দ কৰিলে সক্ষম হয় এ কে ৪৭ৰ ১৮০০ সক্রিয় গুলী(Assam Rifles seizes weapon) ।
উল্লেখ্য যে, ৰাজ্যখনৰ লঙটলাই অভিমুখী ৩খন দুচকীয়া বাহনত আৰক্ষীয়ে তালাচী চলোৱাৰ অন্তত উদ্ধাৰ কৰা হয় এই গুলীসমূহ।জানিব পৰা মতে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ২জন ম্যানমাৰৰ নাগৰিকসহ ৩জনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।
ঘটনাৰ অধিক তথ্য লাভৰ বাবে আৰক্ষীয়ে প্ৰাৰম্ভিক সোধা-পোছা অব্যাহত ৰাখিছে(Assam Rifles seizes weapon)।
আনহাতে ইয়াৰ পূৰ্বেও এনেধৰণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল অসম ৰাইফলছ বাহিনীয়ে। এইবাৰ ঘটনাৰ সন্দৰ্ভত ম্যানমাৰৰ নাগৰিক গ্রেপ্তাৰ হোৱাত এনে মাৰণাস্ত্ৰ বহিঃৰাজ্যৰ পৰা সৰবৰাহ হোৱাৰ অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে।
লগতে পঢ়ক :Maharashtra murder case : পুনৰ লিভ-ইন পাৰ্টনাৰক হত্যা !