Local, Vocal, Global

Manipur violence : পুনৰ মণিপুৰত গুলীচালনাৰ ঘটনা

নেশ্যনেল ডেস্ক, ১২ছেপ্টেম্বৰ : শান্ত হোৱা নাই মণিপুৰ । অব্য়াহত আছে মণিপুৰৰ হিংসাত্মক ঘটনা । প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি যায় ৰাজ্যখন। ইয়াৰ মাজতে পুনৰ মণিপুৰৰ পৰা আহিছে হিংসাত্মকনা ঘটনাৰ খবৰ । আজি পুনৰ মণিপুৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা(Fresh violence in strife torn Manipur 3 shot dead) ।

মণিপুৰৰ কাংপোকপি এসপ্তাহ নৌহওঁতেই পুনৰ অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্য়া কৰে তিনিজনক লোকক।

জানিব পৰা মতে, জিলাখনৰ কংগুই অঞ্চলৰ ইৰেং আৰু কৰম ভাইফেই গাঁৱৰ মাজত মঙলবাৰে পুৱা প্ৰায় ৮:৩০ বজাত সংঘটিত হয় এই ঘটনা(Three killed in fresh violence in Manipur Kangpokpi)।

এগৰাকী বিষয়াই জনোৱা অনুসৰি কাংগুই অঞ্চলৰ ইৰেং আৰু কৰম বৈফেই গাঁৱৰ এই আক্ৰমণৰ ঘটনা সংঘটিত হয় । কাংপোকপিৰ নাগৰিক সমাজ সংগঠন ট্ৰাইবেল ইউনিটি (চিঅটিইউ) সমিতিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । সংগঠনটোৱে কয় যে যদি কেন্দ্ৰীয় চৰকাৰে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰত ব্যৰ্থ হয় তেন্তে অতি সোনকালে সকলো উপত্যকা জিলাক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিব লাগিব(Fresh violence in strife torn Manipur Three killed) ।

কাংপকপিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক থ’লু ৰকিয়ে নিশ্চিত কৰে যে, “এখন বাহনত তিনিজন কুকি ব্যক্তি গৈ থকাৰ সময়ত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে গুলীয়াই । লগতে আৰক্ষী অধীক্ষ গৰাকীয়ে কয় যে, মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে(Three killed in fresh violence in Manipur)।

ইফালে ঘটনা সন্দৰ্ভত আন এজন বিষয়াই কয় য়ে, ইম্ফল পশ্চিম আৰু কাংপোকপি জিলাৰ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হোৱা এই আক্ৰমণত পিছতে সন্দেহযুক্ত লোককেইজনে অঞ্চলটোৰ পৰা পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে।‘আছাম ৰাইফলছৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে। আৰু তালাচী অভিযান চলাই আছে।

লগতে পঢ়ক :G20 Summit 2023 : G-20 ৰ বৈঠকৰ অন্তত দিল্লীত যান-বাহনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ