Priyanka Gandhi reaches Himachal : হিমাচল প্ৰদেশত উপস্থিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী
নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ : হিমাচল প্ৰদেশত উপস্থিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী । মঙলবাৰে পুৱা হিমাচল প্ৰদেশত উপস্থিত হয় প্ৰিয়ংকা গান্ধী (Priyanka Gandhi reaches Himachal ) । প্ৰাকৃতিক দুৰ্যোগে বিধস্ত কৰি পেলোৱা হিমাচল প্ৰদেশত পৰিস্থিতিৰ বিষয়ে বুজ ল’বলৈ উপস্থিত হয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।জানিব পৰা মতে প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে হিমাচল প্ৰদেশৰ কুল্লু, মাণ্ডী আৰু সোলন জিলাৰ দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে(Priyanka visits flood hit Himachal districts to review relief restoration) ।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে হিমাচল প্ৰদেশৰ বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰে আৰু শেহতীয়াকৈ কুল্লুত হোৱা বানপানীৰ পিছত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পুনৰুদ্ধাৰৰ কামৰ পৰ্যালোচনা কৰে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙলবাৰে হিমাচল প্ৰদেশৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সাহায্য, পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ পৰ্যালোচনা কৰে। চণ্ডীগড় বিমানবন্দৰ পৰা প্ৰিয়ংকাই কুল্লুৰ ভুণ্টাৰ বিমানবন্দৰলৈ উৰা মাৰে। ভুণ্টাৰ বিমানবন্দৰত মহিলাৰ পৰা ফুল লৈ প্ৰিয়ংকাই পিছত কংগ্ৰেছ কৰ্মী আৰু স্থানীয় খেতিয়কসকলৰ সৈতে আপেল উৎপাদন, পৰিবহণ আৰু বাকচৰ হাৰৰ বিষয়ে কথা পাতে। শেহতীয়াকৈ কংগ্ৰেছ নেতাজনে অভিযোগ কৰিছিল যে আদানী গ্ৰুপে ক্ৰয়ৰ মূল্য প্ৰকাশ কৰাৰ পিছত হিমাচল প্ৰদেশত আপেলৰ বাকচ এক তৃতীয়াংশ হাৰত বিক্ৰী কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীয়ে কিয় ইয়াৰ বাবে কিয় কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই তাকলৈ প্ৰশ্ন উত্থাপন কৰে ।
উল্লেখ্য যে গান্ধীয়ে মঙলবাৰে পুৱা ৭ বজাত চণ্ডীগড়ত উপস্থিত হয় আৰু পুৱা কুল্লুৰ ভুণ্টাৰলৈ বিমানেৰে যায় । পুৱা প্ৰায় ৯:৪৫ বজাত কুল্লুৰ পৰা মানালীত উপস্থিত হয় প্ৰিয়ংকা গান্ধী । মানালীত বানাক্ৰান্তৰ সৈতে মত বিনিময় কৰে প্ৰিয়ংকা গান্ধী আৰু তাৰ পিছত হেলিকপ্টাৰেৰে মাণ্ডীৰ পাণ্ডোহলৈ আহি ক্ষতিগ্ৰস্ত লোকসকলক লগ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে(Priyanka Gandhi reaches Himachal to visit rain battered areas) ।
প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সোলনৰ অঞ্চল পৰিদৰ্শন কৰাৰ পিছত প্ৰিয়ংকা ৱাদ্ৰা কল্যাণী হেলিপদ ছিমলালৈ আহিব বুলি জানিব পৰা গৈছে । মঙলবাৰে কুল্লুৰ সমীপৰ এটা পথৰ ক্ষতিৰ পৰ্যালোচনা কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। মণ্ডীৰ সাংসদ প্ৰতিভা সিঙৰ উপৰিও ৰাজ্যৰ ৰাজহুৱা কাম-কাজ বিভাগৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙে প্ৰিয়ংকাক এই ভ্ৰমণত সংগ দিয়ে।
মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, ছিমলা-চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথৰ সোলানৰ সমীপৰ চক্কি মোৰ ৰক্ষণাবেক্ষণৰ বাবে বন্ধ থাকিব। পুৱা ১১ বজাৰ পৰা ১ বজালৈ বন্ধ থাকিব চক্কি মোৰ।
জানিব পৰা মতে, প্ৰিয়ংকা গান্ধীয়ে আজি ছিমলাৰ ছাৰবৰাত থকা বাসগৃহত থাকিব । বুধবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ছিমলা জিলাৰ দুৰ্যোগ ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময়ত ভাগ লোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক :landslide in Jammu Srinagar : জম্মু-কাশ্মীৰত ভয়ংকৰ ভূমিস্খলন