G20 Summit 2023 : G-20 ৰ বৈঠকৰ অন্তত দিল্লীত যান-বাহনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ
নেশ্যনেল ডেস্ক, ১১ছেপ্টেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল জি-২ৰ শীৰ্ষ সন্মিলন। ২০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধান আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অতিথিসকল উপস্থিত হৈছিল ৰাজধানী চহৰ দিল্লীত(G20 Summit 2023) ৷ আটক-ধুনীয়াকৈ সজাই তোলা হৈছিল ৰাজধানী চহৰ দিল্লী। গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ বিভিন্ন ৰাষ্ট্ৰৰ নেতাসকলৰ সুৰক্ষাৰ বাবে নিয়োগ কৰা হৈছিল বৃহৎ সেনাবাহিনী(Delhi Police preparation for G20 Summit security) ।
জি-20 শীৰ্ষ সন্মিলনৰ সময়ত যাতে কোনো ধৰণৰ অঘটন নহয় তাৰ বাবে দিল্লী আৰক্ষীয়ে ২৪ ঘণ্টাই কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল ৷ ড্ৰোণ আৰু হেলিকপ্টাৰেৰে চোৱা চিতা কৰি থকা হৈছিল বিভিন্ন ঠাই ।নিয়োগ কৰা হৈছিল সুৰক্ষাৰ বাবে বিভিন্ন স্তৰত প্ৰায় ১ লাখ ৩০ হাজাৰ সৈনিক (Delhi Police to ensure round the clock security)।
দুদিনীয়া কাৰ্যসূচীৰ অন্তত ভাৰত মণ্ডপমত আয়োজিত G-20 ৰ বৈঠক সমাপ্ত হোৱাৰ পাছতে দেওবাৰে মাজনিশাৰ পৰা চহৰখনত যান-বাহনৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ।
উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে G-20 ৰ বৈঠক পূৰ্বে যান-বাহন ব্যৱস্থাপনাৰ বাবে প্ৰায় ৫০,০০০ কৰ্মচাৰী নিয়োগ কৰিছিল । মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ বিভিন্ন ৰাজ্যৰ মুৰব্বীক ৰাজঘাটলৈ গৈছিল । যাৰ বাবে দেওবাৰে মধ্য আৰু উত্তৰ দিল্লীৰ কিছু অংশত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল । ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকৰ দেওবাৰে পূব দিল্লীৰ অক্ষৰধাম মন্দিৰ পৰিদৰ্শনৰ বাবে যায়, যাৰ বাবে দেওবাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
আৰক্ষীয়ে আৰোপ কৰা এই নিষেধাজ্ঞাৰ বাবে নতুন দিল্লী ৰে’ল ষ্টেচন, পুৰণি দিল্লী ৰে’ল ষ্টেচন, শান্তি বন, দিল্লী গেট, আইটিঅ’ আৰু ৰাজঘাটকে ধৰি চহৰখনৰ বিভিন্ন স্থানত যান-বাহনৰ চলাচলত প্ৰভাৱ পৰিছিল।
জানিব পৰা মতে, G-20 ৰ বৈঠকৰ বাবে আইএছবিটি কাশ্মীৰী গেট আৰু সৰাই কালে খানৰ মাজত ৰিং ৰোডত বাছৰ চলাচল নিষিদ্ধ কৰাৰ লগতে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ।দেওবাৰে বৈঠক সমাপ্ত হোৱাৰ লগে লগে সোমবাৰৰ পৰা সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় ।
লগতে পঢ়ক :Woman molested on flight : ইণ্ডিগ’ বিমানত মহিলাক নিৰ্যাতনৰ ঘটনা, অভিযুক্তক গ্ৰেপ্তাৰ