Terrible Road Accident : বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত ৪ গৰাকী যাত্ৰী
নেশ্যনেল ডেস্ক,১১ছেপ্টেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা । কৰ্ণাটকৰ চিত্ৰদুৰ্গত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত নিহত হয় ৪গৰাকী লোক(Terrible Road Accident )।
উল্লেখ্য যে, কৰ্ণাটকৰ চিত্ৰদুৰ্গত সোমবাৰে সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা । সোমবাৰে পুৱাই চিত্ৰদুৰ্গা জিলাৰ হিৰিয়ুৰ তালুকৰ গোল্লাহল্লী গাঁৱত ১৫০(এ) ৰাষ্ট্ৰীয় ঘাইপথত কৰ্ণাটক ৰাজ্যিক পথ পৰিবহন নিগমৰ এখন বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় । জানিব পৰা মতে, বাছখন ৰাইচূড়ৰ পৰা বেংগালুৰুলৈ গৈ আছিল । দুৰ্ঘটনাটোত ৪ গৰাকী লোক নিহত হয় । এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(4 passengers killed in KSRTC bus truck collision in Karnataka) ।
খবৰ অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত থিতাতে নিহত হয় দুগৰাকী যাত্ৰীৰ । আনহাতে চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয় আন দুজন যাত্ৰীৰ । নিহতসকলৰ ভিতৰত দুজন পুৰুষ, এগৰাকী মহিলা আৰু এটা শিশু আছিল বুলি জানিব পৰা গৈছে । এই দুৰ্ঘটনাৰ ফলত আহত হয় কেইবাগৰাকী যাত্ৰী। ইফালে এই দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা যাত্ৰীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই (Road Accident in Karnataka) ।
এই দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে দুৰ্ঘটনাটোৰ ফলত বাছখনৰ বাওঁফালটো সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায় । প্ৰাপ্ত তথ্য অনুসৰি, বাছখনৰ বাওঁফালৰ আসনৰ সন্মুখত বহি থকা যাত্ৰীৰ মৃত্যু হয় । ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত ট্ৰাকসহ চালকজনে পলায়ন কৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আইমঙ্গলা আৰক্ষী আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।
ইফালে সোমবাৰে পুৱতি নিশা বিজয়নগৰ জিলাৰ কুডলিগি তালুকৰ কানাহোচাহাল্লিৰ ওচৰত ৫০ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে আন চাঞ্চল্যকৰ ঘটনা । এখন ব্যক্তিগত বাছত হঠাতে জুইৰ সূত্ৰপাত হয় ।জানিব পৰা মতে বাছখন বেংগালুৰুৰ পৰা ৰায়চূড় জিলাৰ হাট্টিৰ পৰা হোচপেট পথেৰে মুস্কিলৈ যাত্ৰা কৰি আছিল । টায়াৰ বিস্ফোৰণ হোৱাৰ ফলত বাছত জুই লাগে ।সোমবাৰে পুৱা প্ৰায় ৩:৩০ বজাত এই ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে । সৌভাগ্যক্ৰমে এই ঘটনাত কোনো যাত্ৰী হতাহতি হোৱা নাই । কিন্তু বাছখন সম্পূৰ্ণৰূপে জুইত জাহ যায় ।
লগতে পঢ়ক :Terrible Road Accident : ডিব্ৰুগড়ৰত এক মৰ্মান্তিক দুৰ্ঘটনা