Terrible Road Accident : ডিব্ৰুগড়ৰত এক মৰ্মান্তিক দুৰ্ঘটনা
নিউজ ডেস্ক, ১১ছেপ্টেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা(Terrible Road Accident) । দেওবাৰে নিশা ডিব্ৰুগড়ৰত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো । এখন ট্ৰাক আৰু ইনোভাৰ মাজত মুখামুখি সংঘৰ্ষ হয় ফলত মৃত্যু হয় ২জন লোকৰ ।আহত হয় কেইবাজনো লোক । দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ এএছ-০১-জেচি ৩০৭৬ বুলি জানিব পৰা গৈছে(Road Accident)।
জানিব পৰা মতে, এএছ-০১-জেচি ৩০৭৬ নম্বৰৰ ইনোভা গাড়ীখন গৈ থকা অৱস্থাত হাৰিয়ানাৰ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় । সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে ইন’ভা বাহনখন সম্পূৰ্ণৰূপে চূড়মাৰ হৈ যায় । আৰু থিতাতে নিহত হয় পুষ্প সুৰেখা আগৰৱালা আৰু বাহনখনৰ চালকজন । আনহাতে আহত হয় সতীশ কুমাৰ আগৰৱালা,কৃষ্ণ আগৰৱালা,পম্পি আগৰৱালা,নিৰ্মল আগৰৱালা,নমল আগৰৱালা আৰু গোলো আগৰৱালা(Road Accident in Dibrugarh) ।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে আহত কেইজনক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, আহত আৰু নিহতলোককেইজন একেটা পৰিয়ালৰ আৰু তেওঁলোক গুৱাহাটীৰ এবিচি এলেকাৰ ৪নং ফ্লেটৰ বাসিন্দা।
উল্লেখ্য যে,এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী ৷ সমগ্ৰ ঘটনাটোৰ পৰ্যবেক্ষণ কৰিছে জিলা আয়ুক্তগৰাকীয়ে ৷ ট্ৰাকখনৰ দ্ৰুতগতি চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী গৰাকীয়ে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :Terrorists killed: পাকিস্তানত গুলীচালনাৰ ঘটনা; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী