Local, Vocal, Global

Assam Assembly session : আজিৰে পৰা আৰম্ভ বিধান সভাৰ শৰৎকালীন অধিৱেশন

নিউড ডেস্ক, ১১ছেপ্টেম্বৰ : আজিৰে পৰা বিধান সভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ। নৱনিৰ্মিত বিধানসভা ভৱনত বিধান সভাৰ শৰৎকালীন অধিৱেশন(Autumn session of Assam Legislative Assembly to begin today in newly constructed building)। অসম বিধানসভাৰ নতুন ভৱনত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব অধিবেশন । এই অধিৱেশনত মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা।

কাৰ্যসূচী অনুসৰি ১১ ছেপ্টেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ২০২৩-২০২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰী গ্ৰাণ্ট উত্থাপন কৰা হ’ব । ১৩ ছেপ্টেম্বৰত পৰিপূৰক গ্ৰাণ্টৰ সন্দৰ্ভত মঞ্জুৰী ভোটিং অনুষ্ঠিত হ’ব । ১৪ ছেপ্টেম্বৰত বহুকেইখন চৰকাৰী বিধেয়ক উত্থাপন হ’ব । এই বিধেয়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ সংশোধনী বিধেয়কো থকাৰ সম্ভাৱনা আছে(Assam Assembly session starts today in new building ) ।

ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীকবিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৩৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা নতুন স্থায়ী ভৱনটোত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে বিধানসভাৰ শৰৎকালীন অধিৱেশন ।

লগতে পঢ়ক :Alleged Land Scam and Subsidy Irregularities Involving Chief Minister Family : অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ