Local, Vocal, Global

Rishi Sunak Visits Akshardham Temple : ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন

নেশ্যনেল ডেস্ক, ১০ছেপ্টেম্বৰ : ৯ ছেপ্টেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে দিল্লীত অনুষ্ঠিত হৈ আছে G20ৰ শীৰ্ষ সন্মিলন(G20 Summit) ৷ এই সন্মিলনত বিশ্বৰ ২০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে ৷ G-20 শীৰ্ষ সন্মিলনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন,বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’পিছিডা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাককে ধৰি কেইবাখনো দেশৰ ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে(Rishi Sunak Visits Akshardham Temple) ।

দিল্লীত চলি থকা G20 শীৰ্ষ সন্মিলনৰ মাজতে দিল্লীত উপস্থিত হোৱা ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে নিজৰ ব্যস্ততাৰ পৰা কিছু সময় উলিয়াই দেওবাৰে পুৱা নতুন দিল্লীৰ অক্ষৰধাম মন্দিৰ দৰ্শন কৰে((UK PM Rishi Sunak visits Akshardham temple in Delhi))। ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে তেওঁৰ পত্নী অক্ষতা মূৰ্তিও(Rishi Sunak wife Akshata Murthy visit Akshardham temple) ৷

জি-২০ সন্মিলনৰ দ্বিতীয় দিনাৰ অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কনভয় মন্দিৰত উপস্থিত হোৱা দেখা গৈছিল। তেওঁৰ আগমনৰ পূৰ্বে মন্দিৰৰ ভিতৰত আৰু আশে-পাশে বিশদ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই মন্দিৰ ভ্ৰমণৰ সময়চোৱাত পূৰ্বতকৈ আৰু অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী(UK PM Rishi Sunak Visits Akshardham Temple In Delhi Amid Tightened Security) ।

প্ৰধানমন্ত্ৰী সুনাকে দেওবাৰে দিল্লীৰ মন্দিৰ পৰিদৰ্শন কৰিব বুলি কৈছিল। তেওঁ নিজকে “গৌৰৱান্বিত হিন্দু” বুলিও অভিহিত কৰি কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি তেওঁৰ বিপুল শ্ৰদ্ধা আছে আৰু জি-২০ক সফল কৰি তোলাত তেওঁক সমৰ্থন কৰিবলৈ আগ্ৰহী(Proud Hindu Rishi Sunak offers prayers at Akshardham temple in Delhi)।

অক্ষৰধম মন্দিৰ ভ্ৰমণৰ সময়ত তেওঁ বহু বিশ্বাসেৰে পূজা আৰু আৰতি কৰে। উপহাৰ হিচাপে তেওঁক মন্দিৰৰ আৰ্হি এটাও আগবঢ়াই।

খবৰ অনুসৰি, ঋষি সুনাকে জি-২০ সন্মিলনৰ বাবে থকা সময়ছোৱাত অক্ষৰধাম মন্দিৰ পৰিদৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰে। লগতে এইবাৰৰ জন্মাষ্টমী উদযাপনৰ নকৰা বুলিও কয়।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে কয় ‘মই এজন গৌৰৱান্বিত হিন্দু। মই তেনেকৈয়ে ডাঙৰ-দীঘল হৈছো, মই তেনেকৈয়ে আছো। আশাকৰোঁ, আগন্তুক দুদিন ইয়াত থকাৰ সময়ত মন্দিৰ ভ্ৰমণ কৰিব পাৰিম। আমাৰ ৰাখীবন্ধন আছিল, মোৰ ভনী আৰু মোৰ খুলশালীয়ে ৰাখী পিন্ধাইছে।’

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে পূৰ্ণ বিশ্বাসেৰে মন্দিৰত প্ৰতিটো মিনিট উপভোগ কৰে বুলি অক্ষৰধা মন্দিৰৰ সঞ্চালক জ্যোতিন্দ্ৰ ডেভে কয়।

ঋষি সুনাকে ব্যস্ততাৰ বাবে জন্মাষ্টমী উৎসৱ পালন কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে। অৱশ্যে এইবাৰ মন্দিৰ ভ্ৰমণৰ ক্ষতিপূৰণ দিব পাৰিব বুলি তেওঁ আশাবাদী আছিল। দেওবাৰে পুৱা তেওঁ স্থান লাভ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক :India and Bharat controversy : প্ৰধানমন্ত্ৰীৰ সন্মুখত ‘INDIA’ৰ সলনি ‘‍BHARAT’ নামফলক