Local, Vocal, Global

Morocco Earthquake: মৰক্কোত মৃত্যুৰ কিৰিলি, বিধ্বংসী ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক,১০ছেপ্টেম্বৰ : শুকুৰবাৰে নিশা মৰক্কোত বিধ্বংসী ভূমিকম্পই জোকাৰি যায় (Morocco Earthquake)। মূহুৰ্ততে ভয়ংকৰ বৰভূঁইকঁপে তচনচ কৰিলে সহস্ৰাধিক অট্ৰালিকা, প্ৰাণ কাঢ়িলে সহস্ৰাধিক লোকৰ । গৃহহীন হৈ পৰে হাজাৰ-হাজাৰ পৰিয়াল(Death toll surpasses 2000 in powerful Morocco earthquake) । লগে লগে চাৰিওফালে সৃষ্টি হয় মৃত্যুৰ কিৰিলি। প্ৰায় ২০ ছেকেণ্ড ধৰি অনুভূত কম্পনত নিমিষতে খহি পৰে বহুতো বাসভৱন। নিমিষতে এক আতংকময়ৰ পৰিস্থিতিৰ সৃষ্টি হয় । বৰ্তমানেও উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই আছে । মৃত্যুৰ সংখ্যাই বৃদ্ধি , এতিয়ালৈকে মৃতকৰ সংখ্য়া অতিক্ৰম কৰিলে ২০০০ৰো অধিক(Death Toll Surpasses 2000) । লগতে আহত সংখ্যা ২০৫৯ জন লোক বুলি জানিব পৰা গৈছে ।

শনিবাৰে দেশখনৰ কৰ্তৃপক্ষই দেশখনত তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা পোৱা অনুসৰি, চহৰৰ লেনত উৰি যোৱা ধ্বংসাৱশেষৰ টুকুৰা ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ আছে। আৰু মৃতদেহ উদ্ধাৰ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে(Death toll surpasses 2000 in powerful Morocco earthquake nation declares 3 days of mourning)।

এই ভয়ংকৰ ভূমিকম্পৰ পিছত ইংলেণ্ডৰ ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ অধ্যাপক বিল মেকগুৱেৰে কয় যে, মৰক্কোত ভূমিকম্প বেছি নহয়। সেইবাবেই তাৰে ঘৰবোৰ ভালদৰে নিৰ্মাণ কৰা হোৱা নাই।যাৰ ফলত ভূমিকম্পৰ ফলত মৃত্যুৰ সংখ্যা বেছি হৈছে ।

এক বিবৃতি অনুসৰি, মৰক্কোৰ ৰজা মহম্মদ ষষ্ঠই সশস্ত্ৰ বাহিনীক উদ্ধাৰ অভিযান আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে ।

শুকুৰবাৰে নিশা মৰক্কোত বিধ্বংসী ভূমিকম্পটো মৰক্কোৰ স্থানীয় সময় অনুসৰি নিশা ১১:১১ বজাত সংঘটিত হয় । ১৯ মিনিটৰ পিছত আন এক আফটাৰশ্বক সংঘটিত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা অনুসৰি, পৰ্যটন চহৰ মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত হাই এটলাছ পৰ্বতমালাত এই ভয়ংকৰ অভিকেন্দ্ৰ। এই কেন্দ্ৰটো ভূপৃষ্ঠৰ পৰা ১৮.৫ কিলোমিটাৰ তলত। ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল দূৰৈৰ হাই এটলাছ পৰ্বতমালাত যদিও ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী আছিল।

আল জাজিৰা সংবাদ সংস্থাই জনোৱা অনুসৰি, “তুৰ্কীৰ দুৰ্যোগ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে (AFAD) কয় যে যদিহে মৰক্কোৰ পৰা সহায় বিচাৰি ফোন আহিছে তাৰ বাবে ইতিমধ্যে চিকিৎসা, সাহায্য, অনুসন্ধান আৰু উদ্ধাৰ সংস্থাৰ ২৬৫ গৰাকী সদস্যক সাজু কৰি ৰাখিছে দেশখনে ।

লগতে পঢ়ক :Morocco earthquake: মৰক্কোত সংঘটিত হোৱা ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি