Attack on police in Lakhimpur : লখিমপুৰত আৰক্ষীৰ দলক ভয়ংকৰ আক্ৰমণ

লখিমপুৰ, ৭ছেপ্তেম্বৰ : এক চাঞ্চল্য়কৰ ঘটনাই জোকাৰি গৈছে লখিমপুৰ ৷ লখিমপুৰত আৰক্ষী দলক ভয়ংকৰ আক্ৰমণ । আৰক্ষীক আক্ৰমণ কৰি পলায়ন ড্ৰাগছ পেডলাৰ(Attack on police in Lakhimpur) ।
উল্লেখ্য যে, লখিমপুৰ বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনাৰ ৷ আৰক্ষীক দলক ভয়ংকৰ আক্ৰমণ ড্ৰাগছ সৰবৰাহকাৰীৰ ৷
ঘটনা অনুসৰি, বুধবাৰে নিশা বিহপুৰীয়া আৰক্ষীয়ে লখিমপুৰত চলাইছিল ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত জালত পৰিছিল ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ৷ ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইক আৰক্ষীৰ দল এটাই বুধবাৰে নিশাৰ ভাগতে লগত লৈ বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত অভিযান চলাবলৈ গৈছিল আৰু সেই সময়তে আৰক্ষীৰ জোৱানক আক্ৰমণ কৰে ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে(Drug peddler biting police in Lakhimpur)।
জানিব পৰা মতে, অভিযানৰ সময়তে আৰক্ষী জোৱানৰ সৈতে টনা-আঁজোৰা হয় ছাদ্দামৰ ৷ লগে লগে আৰক্ষীৰ ওপৰত জঁপিয়াই পৰে ছাদ্দাম ওৰফে বেলায়তৰ পৰিয়ালৰ লোকো(Police personnel attacked in Lakhimpur for apprehending drug peddler) ৷ আৰু সেই সুযোগতে আৰক্ষী জোৱানক কামুৰি আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰে ছাদ্দাম হুছেইনে ৷ ফলত গুৰুতৰভাৱে আহত হয় আৰক্ষী জোৱান ৷ আনহাতে এই আক্ৰমণত আহত হয় ড্ৰাগছ পেডলাৰ ছাদ্দামৰ পত্নীও ৷
উল্লেখ্য যে, অভিযানৰ সময়ত অসামৰিক পোচাকত আছিল আৰক্ষীৰ দলটোৱে ।
এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে পুৱতি নিশা লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান আৰম্ভ কৰে ৷ সেই অভিযানত ড্ৰাগছ পেডলাৰ ছামদ্দামৰ সন্ধানত প্ৰায় ৫০ গৰাকীক লোকক আটক কৰিছে(Fifty people detained for attacking Police personnel in Lakhimpur for apprehending drug peddler) ।
ইতিমধ্যে আটকাধীন লোকসকলক বঙালমৰা, বিহপুৰীয়া, ধলপুৰ, নাওবৈচা, লালুক থানাত পৃথকে পৃথকে ৰখা হৈছে ৷ লখিমপুৰ বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । ধ্বংসৰ কৱলত পৰিছে একাংশ লোক । আৰক্ষীয়ে চলাই আছে অভিযান তাৰ মাজতে একাংশ দুষ্ট চক্ৰই এতিয়াই চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ।লখিমপুৰ আৰক্ষীয়ে ড্ৰাগছৰ ৰমৰমীয়া বেহা নিয়ন্ত্ৰণ কৰিবলৈ অভিযান চলাইছে ৷ সফলো হৈছে লখিমপুৰ আৰক্ষী ৷ কিন্তু বৃহস্পতিবাৰৰ নিশা হোৱা ঘটনাক উদ্বেগ প্ৰকাশ কৰিছে লখিমপুৰবাসী(Drug peddler biting police in Lakhimpur) ৷