Local, Vocal, Global

Palladam Family Murder : নৃশংস হত্যাকাণ্ড ; মূৰ কাটি হত্যা একেটা পৰিয়ালৰৰ চাৰিজনকৈ লোকক

নেশ্যনেল ডেস্ক, ৪ছেপ্টম্বৰ : এক চাঞ্চল্যকৰ ঘটনা । একেটা পৰিয়ালৰ ৪জনকৈ সদস্যক নৃশংসভাৱে হত্যা । মূৰ কাটি হত্যা কৰিলে চাৰিজনকৈ লোকক(Palladam Family Murder) ।

এক ৰহস্যজনক হত্যাকাণ্ড । একেটা পৰিয়ালৰ চাৰিজনকৈলোকক মূৰ কাটি হত্যাৰ চেষ্টা কোনো দুৰ্বৃত্তৰ । এই ঘটনা সংঘটিত হৈছে তামিলনাডুত ।তামিলনাডুত তিৰুপুৰ জিলাৰ পল্লাডামত এই হত্য়াকাণ্ডই এতিয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, তামিলনাডুৰ পল্লাদম কল্লাকিনাৰু অঞ্চলত একেটা পৰিয়ালৰ দুগৰাকী মহিলাকে ধৰি ৪ জন সদস্যৰ মূৰ কাটি কোনো ৰহস্যময় চক্ৰই হত্যা কৰাৰ কথা পোহৰলৈ আহিছে । ৰহস্যজনক ভাৱে কোনো দুৰ্বৃত্তই হত্যা কৰা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ উত্তেজনাৰ(Four members of a family hacked to death by gang) ।

এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় পল্লাডাম আৰক্ষী ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে ।

জানিব পৰা মতে এই আক্ৰমণত মহনৰাজ, ৰথিনাম্বল আৰু পুষবাৱতীৰ মানৰ লোককেইজনৰ থিতাতে মৃত্যু হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন এগৰাকী ।আঘাতপ্ৰাপ্ত লোকজনক পল্লাডাম আৰক্ষীয়ে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ আঘাতপ্ৰাপ্ত লোকজনক সেনথিলকুমাৰক বুলি চিনাক্ত কৰিছে ।কিন্তু চিকিৎসালত মৃত হয় আঘাতপ্ৰাপ্ত সেনথিলকুমাৰৰ ।

ইফালে নিহত লোককেইজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিৰুপুৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই এতিয়াই উত্তেজনা আৰু আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে(Mysterious Gang Hacks 4 People Including 2 Women) ।

উল্লেখ্য যে, এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ পিছতে পল্লাডাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে ৷ আৰু এই হত্য়াকাণ্ডৰ লগত জড়িত দুৰ্বৃত্ত গ্ৰেপ্তাৰ কৰাৰ পিছত হে মৃতদেহ নিবলৈ দিয় হব বুলি প্ৰতিবাদ কৰে । কিন্তু বৰ্তমানলৈ এই হত্য়াকাণ্ড কোনো আৰু কিয় সংঘটিত কৰিলে জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্ত অন্তত হে পোহৰলৈ আহিব ।

প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষী বিষয়াসকলে সেনথিল কুমাৰৰ আত্মীয় আৰু গাঁৱৰ জনসাধাৰণৰ দাবীৰ প্ৰতি সন্মতি জনোৱাৰ পিছতহে প্ৰতিবাদকাৰীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃত ৩ জন সদস্যৰ মৃতদেহ নিবলৈ দিয়ে ৷

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সেনথিল কুমাৰ নামৰ লোকজনে নিজ ঘৰৰ সমীপত মদ্যপান কৰি থকা এজন ব্যক্তিক প্ৰশ্ন সোধাৰ পিছতে এই ভয়ংকৰ ঘটনাৰ সূত্ৰপাত হৈছিল । অৱশ্যে এই পৰ্যন্ত ঘটনাৰ কাৰণ সন্দৰ্ভত কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই ।

লগতে পঢ়ক :Deadbody recovered : চাঞ্চল্যকৰ ঘটনা ! পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ,