Dangers of Consuming Too Much Salt : আপুনি অত্যাধিক মাত্ৰাত নিমখ সেৱন কৰে নেকি? যদি কৰে তেন্তে সাৱধান হওঁক !
দৈনন্দিন খাদ্য তালিকাৰ এক অপৰিহাৰ্য উপাদান নিমখ। যিকোনো খাদ্য নিমখৰ অবিহনে অসম্পূৰ্ণ। কিন্তু প্ৰয়োজনতকৈ অধিক মাত্ৰাৰ নিমখযুক্ত খাদ্য খালে ই শৰীৰৰ বাবে হয় ভয়ংকৰ(Dangers of Consuming Too Much Salt)। নিমকেই হ’ল সুস্বাদু ব্যঞ্জনৰ চাবি কাঠি। ৰন্ধনত সোৱাদৰ ববে যিমানখিনি প্ৰয়োজন সিমানখিনি নিমখেই শৰীৰৰ বাবে পৰ্যাপ্ত। কিন্তু বহুতেই কেঁচা নিমখ খায়। এয়া শৰীৰৰ বাবে মাৰাত্মক আৰু ক্ষতিকাৰক(What Happens If You Eat Too Much Salt?)।
আপুনি জানেনে অত্যধিক নিমখ সেৱন আপোনাৰ শৰীৰৰ বাবে ক্ষতি হব পাৰে। অধিক পৰিমাণৰ নিমখ সেৱন কৰিলে অকালতে বুঢ়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰচুৰ পৰিমাণৰ নিমখ খালে অকালতে বাৰ্ধক্যকাল হ’ব পাৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও ই বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। আহক জানি লওঁ ই আমাৰ শৰীৰত কেনেধৰণে প্ৰভাৱ পেলাই(The Dangers of Consuming Too Much Salt)।
অধিক নিমখ সেৱনে আমাৰ চুলি ওপৰত অধিক প্ৰভাৱ পেলাই।অধিক নিমখ সেৱন কৰিলে চুলি সোনকালে পকে বুলি বিশ্বাস কৰা হয়।
অত্যাধিক মাত্ৰত নিমখ খালে শৰীৰত অধিক মাত্ৰাত পানী সঞ্চিত হ’ব পাৰে। যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰাৰ বাবে ৰক্তচাপ বৃদ্ধি পায়।শৰীৰত নিমখৰ মাত্ৰ বেছি হ’লে ডায়েবেটিছ হোৱাৰ সম্ভাৱনা থাকে। অত্যধিক নিমখ সেৱনে কিডনিৰ ওপৰতো প্ৰভাৱ পেলাই(What Happens to Your Body When You Eat Too Much Salt) ।
অত্যাধিক মাত্ৰত নিমখ খালে সঘনাই পিয়াহ লাগে। শৰীৰত নিমখৰ পৰিমাণ বেছি হ’লে ছ’ডিয়ামৰ মাত্ৰা বৃদ্ধি পায়, ফলস্বৰূপে দেহত ফ্লইড বেলেন্স কমিবলৈ ধৰে। যাৰ ফলত সঘনাই পিয়াহ লগাতো স্বাভাৱিক ।
অত্যাধিক নিমখ খালে হাড়ৰ বিষ আৰু পাকস্থলীৰ কেন্সাৰ হোৱাৰ আশংকা থাকে। আনহাতে মেদবহুলতাও শৰীৰত ছ’ডিয়ামৰ পৰিমাণ বৃদ্ধি হোৱাৰে এক পৰিণতি । প্ৰয়োজনতকৈ অধিক বা কম যিকোনো বস্তুয়েই স্বাস্থ্যৰ বাবে অপকাৰী । গতিকে নিজৰ শৰীৰটোক নিৰোগী কৰি ৰাখিবলৈ সঠিক খাদ্য আৰু উচিত পৰিমাণৰ খাদ্য গ্ৰহণ কৰা অতি প্ৰয়োজন ।
অত্যাধিক নিমখ সেৱনে শৰীৰত এলাৰ্জী হয় বুলি বিশ্বাস কৰা হয়।
বেছি নিমখ খালে দেহত তেজৰ মাত্ৰা কমি যায়।
চকুৰ বাবেও অতিৰিক্ত নিমখ সেৱন কৰাটো ভাল নহয়।
কেঁচা নিমখ খোৱাৰ অভ্যাস থাকিলে জীৱনৰ পৰা বিয়োগ সোনকালে হোৱাৰ সম্ভাৱনা থাকে। আনকি আকস্মিক মৃত্যুও হ’ব পাৰে।বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, উচ্চ মাত্ৰাত ছডিয়াম (দিনত ২ গ্ৰামৰ কম ছডিয়াম গ্ৰহণ দিনত ৫ গ্ৰাম নিমখ খোৱাৰ সমান) গ্ৰহণ কৰিলে ৰক্তচাপৰ সম্ভাৱনা বাঢ়ে।
এটা সময়ৰ পিছত এয়া হৃদৰোগ আৰু ষ্ট্ৰোকৰ দিশে লৈ যায়।অত্যধিক নিমখ খোৱা হৈছেনে নাই সেয়া বহুধৰণে বুজা যায়। ইয়াৰ ভিতৰত সাধাৰণ লক্ষণবোৰ হ’ল, শৰীৰত ফুলা ভাৱ, ৰক্তচাপ বৃদ্ধি, ঘনে ঘনে প্ৰস্ৰাৱ লগা, টোপনিত ব্যাঘাত জন্ম আৰু দুৰ্বলতা।
লগতে পঢ়ক :Stomach Disease : জানো আঁহক অত্যাধিক পেটৰ সমস্যাৰ পৰা কি দৰে পৰিত্ৰাণ পাব পাৰি