Maligaon Flyover:মাজত মাথো কেইটামান ক্ষণ বাকী;আজি মুকলি হ’ব মালিগাঁও উৰণ সেতু
গুৱাহাটী,৩০আগষ্ট : বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত আজি মুকলি হ’ব মালিগাঁও উৰণীয়া সেতু। বুধবাৰে সন্ধিয়াই মুকলি হ’ব বহু প্ৰতীক্ষিত মালিগাঁও উৰণীয়া সেতু(Maligaon Flyover) ।
মাজত মাথো কেইটামান ক্ষণ বাকী। বুধবাৰ ৩০ আগষ্টৰ ৰাখী পূৰ্ণিমাৰ সন্ধিয়া ৪.৩০ বজাত মুকলি হ’ব সেতুখন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব নৱ নিৰ্মিত সেতুখন।
উল্লেখ্য যে মালিগাঁৱৰ এই উৰণীয়া সেতুৰ কাম যোৱা ২ বছৰ ৪ মাহ ধৰি চলি আছিল। এই সেতুখনৰ দৈৰ্ঘ ২.৬ কিলোমিটাৰৰ। সেতুখন ৰামধেনু আকৃতিৰ নিৰ্মাণ কৰা হৈছে। সেতুখনত থাকিব তিনিআলি জংচনত পৃথিৱীৰ গ্লৱ। উৰণীয়া সেতুৰ লেণ্ডিং পইণ্ট দুটা গতিৰোধক থাকিব।
সেতুখনৰ তলৰ খুঁটাসমূহত অংকন কৰা হৈছে, অসমৰ সাজ-পোছাক, বাদ্যযন্ত্র আৰু অৰণ্যৰ দৃশ্য ।লগতে সেতুখনৰ চাৰিওফালে অসমৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা বিভিন্ন ছবি অংকন কৰা হৈছে।
এই সেতুখনৰ বাবে জনতাই যোৱা ২ বছৰ ধৰি যান-জঁটৰ সমস্যাত জীয়াতু ভুগিছিল । ২-৩ ঘন্টা মালিগাঁও ট্ৰেফিকতে পাৰ কৰিব লগীয়া হৈছিল সাধাৰণ জনতাই। এই সেতু উদ্বোধনৰ পাছত যান-জঁটৰ সমস্যাৰ পৰা সকাহ পাব জনতাই।
লগতে পঢ়ক :government will set up 29 toll gates: চৰকাৰৰ পূজাত বাম্পাৰ উপহাৰ অসমবাসীলৈ