Police arrests terror suspect : আৰক্ষীয়ে সন্ত্ৰাসবাদী সন্দেহত গ্ৰেপ্তাৰ কৰে এজন লোকক
নেশ্যনেল ডেস্ক, ২৯আগষ্ট : মঙলবাৰে বেংগালুৰু আৰক্ষীয়ে সন্ত্ৰাসবাদী সন্দেহত গ্ৰেপ্তাৰ কৰে এজন লোকক । বেংগালুৰুৰ আৰ টি নগৰ আৰক্ষীয়ে অপৰাধ শাখাৰ দ্বাৰা তদন্ত অভিযান চলাই থকাৰ সময়ত সন্ত্ৰাসবাদী সন্দেহজনক লোকৰ গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত লোকজনক গ্ৰেপ্তাৰ কৰে । বিগত কেইদিনমান পূৰ্বে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সন্দেহত ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ জিম্মাৰ পৰা বন্দুক আৰু গ্ৰেনেড উদ্ধাৰ কৰা হৈছিল । এই সম্পৰ্কত অধিক তথ্যৰ বাবে আৰক্ষীয়ে অপেক্ষাত আছে (Bengaluru Police arrests terror suspect)।
মঙলবাৰে বেংগালুৰু আৰক্ষীয়ে তদন্তৰ অধীনত থকা সন্ত্ৰাসবাদী গোচৰৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহ কৰে এজন লোকক।
বেংগালুৰুত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত কেন্দ্ৰীয় অপৰাধ শাখাই জুলাইত বেংগালুৰুত ৫জন সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল। জিম্মাত থকা পাঁচজন আছিল ক্ৰমে চুহেইল, ওমৰ, জাহিদ, মুদাছিৰ আৰু ফৈছাল । লগতে উক্ত পাঁচজনক গ্ৰেনেড যোগান ধৰা অভিযুক্ত জুনেইদ নামৰ এজন অভিযুক্ত বিদেশলৈ পলাই যায় ।
আজি চাৰি বছৰ ধৰি আৰক্ষীৰ পৰা পলাতক হৈ থকা মহম্মদ আৰ্শাদ খান নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ২০১৭ চনত মহম্মদ আৰ্শাদ খানক নুৰ আহমেদৰ নামৰ লোকজনৰ অপহৰণ আৰু হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছিল।কিন্তু তেওঁ তেতিয়াই নাবালাক আছিল । তাৰ পিছৰে পৰা তেওঁ বহু অপৰাধমূলক গোচৰ লগতে আৰ্শাদ খান হত্যা, হত্যাৰ প্ৰচেষ্টা আৰু ডকাইতিকে ধৰি ১৭ টাতকৈও অধিক অপৰাধমূলক গোচৰত জড়িত হৈ কুখ্যাত হৈ পৰে(Bengaluru Police arrests one more in terror suspects case) ।
আৰক্ষীয়ে মহম্মদ আৰ্শাদ খানক গ্ৰেপ্তাৰ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল । কিন্তু বহুবাৰ তেওঁ ডিঙি কাটি আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছিল। কিন্তু ২৭ আগষ্টৰ পুৱা আৰক্ষী লৈ এটা খবৰ আহিছিল । ২৭আগষ্ট দেওবাৰে পুৱা ৫ বজাত আৰক্ষীয়ে আৰ টি নগৰৰ এটা ঘৰত আৰ্শাদ খান থকাৰ বিষয়ে তথ্য লাভ কৰে আৰু লগে লগে আৰক্ষীয়ে ঘৰটোৰ চাৰিওফালে থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰে ।ঘৰটোৰ ভিতৰত মহম্মদ আৰ্শাদ খান থকাৰ উমান পায় আৰক্ষীয়ে পোনপটীয়াকৈ ঘৰৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে ।
ঘৰৰ ভিতৰত আৰক্ষী প্ৰৱেশ কৰাত আৰ্শাদ খানে এখন ছুৰী লৈ তেওঁৰ ডিঙি কাটিবলৈ চেষ্টা কৰে । আৰক্ষীয়ে তেওঁক ধৰিবলৈ চেষ্টা কৰাত তেওঁ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই পলোৱাৰো চেষ্টা কৰে । কিন্তু আৰক্ষীয়ে সেই সময়তে তেওঁক গ্ৰেপ্তাৰ কৰে ।
আৰক্ষীয়ে অভিযুক্ত আৰ্শাদ খানক আটক কৰি বৰ্তমান জেৰা চলাই আছে । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত বৰ্তমান জুনেইদৰ সংস্পৰ্শত আছে নেকি সেই বিষয়ত তথ্য সংগ্ৰহ কৰি থকা হৈছে ।
লগতে পঢ়ক :Minor Boy Found Dead At MP Residence : বিজেপিৰ সাংসদৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ