Explosion in cracker factory : পশ্চিমবংগৰ আতচবাজী কাৰখানাৰ বিস্ফোৰণত নিহতৰ সংখ্যা বৃদ্ধি
নেশ্যনেল ডেস্ক, ২৯আগষ্ট : দেওবাৰে পশ্চিমবংগত সংঘটিত হৈছিল এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । পশ্চিমবংগৰ উত্তৰ 24 পৰগনা জিলাৰ দত্তপুকুৰ নীলগঞ্জ পঞ্চায়তৰ মচকোল অঞ্চলত অবৈধভাৱে স্থাপন কৰা এটা আতচবাজী কাৰখানাত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা ৷ এই বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে আতচবাজী কাৰখানাটোৰ বিস্ফোৰণৰ ফলত কাৰখানাটোৰ ভিতৰত থকা লোকৰ মৃতদেহৰ কিছু অংশ এটা ঘৰৰ চাঁদত ছিটিকি পৰা প্ৰত্যক্ষ কৰিছিল(Several feared dead in explosion at illegal firecracker factory in West Bengal North 24 Parganas) ।
জানিব পৰা মতে, এই বিস্ফোৰণৰ ফলত নিহতৰ সংখ্যা ৯জনলৈ বৃদ্ধি পাইছে। এই ভয়ংকৰ ঘটনাৰ ফলত য’ত ত’ত মৃতদেহবোৰ সিচঁৰিত হৈ থকা দেখা গৈছিল । কিছুমান মৃতদেহ সম্পূৰ্ণ জ্বলি গৈছিল আৰু কিছুমান আধা জ্বলি গৈছিল ।এই ভয়ংকৰ ঘটনাৰ ফলত ওচৰৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হৈছিল(9 Killed In Blast At Illegal Cracker Factory In Bengals Duttapukur) ।
পশ্চিমবংগত সংঘটিত হোৱা অবৈধ আতচবাজী কাৰখানাৰ বিস্ফোৰণে দেশজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, এই ভয়ংকৰ বিস্ফোৰণৰ এদিন পাছতে সোমবাৰে আৰক্ষীয়ে অবৈধ আতচবাজী কাৰখানাৰ গৰাকী কেৰামাত আলীৰ অংশীদাৰ শ্বাফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে ।
ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষী বাহিনীৰ (এনএছজি) প্ৰাক্তন কামাণ্ডো দীপঞ্জন চক্ৰৱৰ্তীয়ে এই বিস্ফোৰণৰ ঘটনাৰ বিষয়ে কয় যে, পশ্চিমবংগ বিস্ফোৰণৰ বাবে জনাজাত । যদি যোৱা ৫ বছৰত দেশত বিস্ফোৰণ আৰু মৃত্যুৰ সংখ্যা বিবেচনা কৰা যায় তেন্তে পশ্চিমবংগত সৰ্বাধিক সংখ্যক বিস্ফোৰণ আৰু হতাহত হৈছে ।
বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে যে, তেওঁ যোৱা ৩৫ বছৰত একাধিক সংস্থাৰ সৈতে কাম কৰি আহিছে আৰু তেওঁৰ অভিজ্ঞতাৰ পৰা কয় যে, পশ্চিমবংগই আটাইতকৈ দুৰ্বল নিৰাপত্তাক উপস্থাপন কৰে । প্ৰাক্তন কামাণ্ডো দীপঞ্জন চক্ৰৱৰ্তীয়ে এনে ধৰণৰ অপৰাধৰমূলক ঘটনাৰ বাবে নীৰৱ ভূমিকা পালন কৰা বুলি দোষাৰোপ কৰে আৰক্ষী আৰু প্ৰশাসনক ।
তেওঁ উল্লেখ কৰে যে, জনসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে যে একেধৰণৰ ঘটনা কিয় সংঘটিত হ’বলৈ ধৰিছে ? ইমানবোৰ আতচবাজী কাৰখানা কিয় আছে বুলি চক্ৰৱৰ্তীয়ে প্ৰশ্ন কৰে । তেওঁ লগতে কয় যে এই ধৰণৰ কাৰখানা নিৰ্মাণৰ বাবে বাধ্যতামূলক সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । ফলস্বৰূপে একাংশ অসাধু ব্যৱসায়ীয়ে নিয়ম অমান্য কৰি অবৈধভাৱে চলাই আছে কাৰখানাবোৰ।
লগতে পঢ়ক : Explosion in cracker factory: আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণ,মৃত্যু ৬জন লোকৰ