1032 No.Barigaon Primary School : এখন আজৱ বিদ্যালয় ! বিদ্যালয়খনৰ কথা জানিলে আপুনিও হ’ব আচৰিত
বঙাইগাঁও, ২৯আগষ্ট : এখন আজৱ বিদ্যালয় ! বিদ্যালয়খনৰ কথা জানিলে আপুনিও হ’ব আচৰিত ! এবাৰ হ’লেও আপুনি ভাবিবলৈ বাধ্য হ’ব ।আজিও জানো এই দিন আছে ?
এখন বিদ্যালয় শিক্ষাৰ্থীয়ো আছে শিক্ষকো আছে । বিদ্যালয়খনত আছে মাত্ৰ ২গৰাকী শিক্ষক।বাৰু এয়া ঠিকেই আছে। এতিয়া শিক্ষাৰ্থীৰ সংখ্যা জানিলেহে আপোনাৰ চকু কপালত উঠিব । ২গৰাকী শিক্ষকৰ বিপৰীতে বিদ্যালয়খনত আছে মাত্ৰ এগৰাকী শিক্ষাৰ্থী(1032 No.Barigaon Primary School has only 2 teachers ) ।
বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত ১০৩২ নং বড়িগাওঁ প্ৰাথমিক বিদ্যালয়।য’ত দুজনক শিক্ষক থকাৰ বিপৰীতে শিক্ষাৰ্থী হৈছে এজন(There are two teachers and one student) ।
বিদ্যালয়খনত এগৰাকী শিক্ষাৰ্থীকে পাঠদান কৰে ২ গৰাকী শিক্ষকে কিন্তু আচৰিত কথা এইটো যে,সোমবাৰৰ দিনটোত একমাত্ৰ ছাত্ৰ গৰাকীও উক্ত বিদ্যালয়খনত নাছিল উপস্থিত।
জানিব পৰা মতে,ছাত্ৰজন আহিলে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে বিদ্যালয় খনে। অৰ্থাত, ছাত্ৰজনৰ ওপৰতে ভিত্তি কৰে বিদ্যালয়খনৰ শিক্ষাব্যৱস্থা আৰু মধ্যাহ্ন ভোজনৰ ব্যৱস্থা।
এতিয়া প্ৰশ্ন হয়,কেনেকৈ চলি আছে এই বিদ্যালয়খন?নিমাত ভূমিকা অৱলম্বন কৰিছে নেকি অভয়াপুৰী সৃজনগ্ৰাম শিক্ষা খণ্ডই?নে এনেকৈয়ে ভৱিষ্যতলৈ চলি থাকিব ৰাজ্য চৰকাৰৰ বিদ্যালয়সমূহ?