Local, Vocal, Global

killing live-in partner : পুনৰ লিভ ইন সংগীক হত্য়া; কুকাৰেৰে মৰিয়াই মৰিয়াই হত্যা প্ৰেমিকাক

নেশ্যনেল ডেস্ক,২৮আগষ্ট : পুনৰ পোহৰলৈ আহিছে আন এক লিভ ইন সংগীৰ ঘটনা(killing live-in partner)। পুনৰ হত্য়া লিভ ইন সংগীক । প্ৰেমিকে কুকাৰেৰে মৰিয়াই মৰিয়াই হত্য়া কৰিলে প্ৰেমিকাক(Kerala man arrested for killing live in partner with pressure) ।

এই ঘটনা সংঘটিত হৈছে বাংগালুৰুত। শনিবাৰে সন্ধিয়া এম আই চি অ’ লেআউটত অৱস্থিত এপাৰ্টমেণ্টত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Kerala man arrested for killing live in partner with cooker) ।

জানিব পৰা মতে, শনিবাৰে সন্ধিয়াই ৫বজাত ভাড়াৰুমত থকা দুই প্ৰেমিক-প্ৰেমিকাৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় । প্ৰেমিকাই প্ৰতাৰণা কৰাৰ সন্দেহত প্ৰেমিকে কাজিয়া কৰে আৰু কাজিয়া ইমানে ভয়ংকৰ হৈ যায় যে যুৱকজনে যুৱতীগৰাকীক প্ৰেচাৰ কুকাৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰে (Kerala man arrested for killing live in partner with pressure cooker in Bengaluru)।

ইতিমধ্যে লিভ ইন পাৰ্টনাৰক প্ৰেচাৰ কুকাৰেৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগত বাংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২৭ বছৰীয়া যুৱকজনক।

প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীৰ নাম দেৱী আৰু অভিযুক্তজন কেৰালাৰ বৈষ্ণৱ বুলি চিনাক্ত কৰা হৈছে । বিগত তিনি বছৰ আগত তেওঁলোকৰ চিনাকি হৈছিল । কলেজৰ পৰা সম্পৰ্কত থকা দুয়ো বেংগালুৰুৰ কোৰমংগালাৰ প্ৰতিষ্ঠানত কৰ্মৰত আছিল । আৰু যোৱা দুবছৰ ধৰি দুয়োজনে একেলগে বাস কৰিছিল ।

দুয়োৰে পৰিয়ালে তেওঁলোক একেলগে থকাৰ কথা জ্ঞাত আছিল বুলি আৰক্ষীয়ে জানিবলৈ পায় । আনহাতে বৈষ্ণৱৰ সন্দেহক লৈ তেওঁলোকৰ মাজত হৈ থকা কাজিয়াৰ কথাও পৰিয়ালে জানিছিল আৰু এই সমস্য়া সমাধানৰ বাবে চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে (Karnataka Man Kills Live In Partner With Pressure Cooker Arrested In Bengaluru)।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভ তদন্ত আৰম্ভ কৰে আৰু পলাতক অৱস্থাত থকা বৈষ্ণৱক আটক কৰে । আৰক্ষীয়ে জনোৱা মতে,অভিযুক্ত লোকজনে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। আৰু অভিযুক্ত বৈষ্ণৱে কয় যে প্ৰেমিকাক আন এজন যুৱকৰ লগত সম্পৰ্ক থকাৰ সন্দেহত এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত কৰে ।

লগতে পঢ়ক : Baragaon Murder : পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ,পৰকীয়া প্ৰেমৰ পৰিণতিত মহিলাক হত্য়া কৰি আত্মহত্যা প্ৰেমিকৰ