Minor Boy Found Dead At MP Residence : বিজেপিৰ সাংসদৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ

নিউজ ডেস্ক,২৭আগষ্ট : বিজেপিৰ সাংসদৰ বাসগৃহত উদ্ধাৰ কিশোৰৰ মৃতদেহ । শণিবাৰে ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কিশোৰগৰাকীৰ মৃতদেহ ।জানিব পৰা মতে কিশোৰীগৰাকীৰ বয়স ১০বছৰ(Minor Boy Found Dead At MP Residence) ।
বিজেপিৰ সাংসদ ৰাজদ্বীপ ৰয় নিজ বাসগৃহত উদ্ধাৰ হৈছে ১০ বছৰীয়া কিশোৰ গৰাকীৰ মৃতদেহ ৷মৃত কিশোৰটিয়ে আত্মহত্যা কৰা বুলি দাবী কৰিছে বিজেপিৰ সাংসদ ৰাজদ্বীপ ৰয়ে ৷ কাৰণ ২৬ আগষ্টৰ দিনা বিজেপি সাংসদ গৰাকীৰ বাসগৃত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰটিৰ মৃতদেহ(10 Year Old Boy Found Dead At MP Residence In Silchar) ৷
শনিবাৰে এক সংবাদমেল সম্বোধন কৰি সাংসদ ৰয়ে আৰু সংবাদমেলত সাংসদ গৰাকীয়ে যে কয়, ‘‘শনিবাৰে মই বিজেপিৰ দলীয় কাৰ্যালয়ত আছিলো ৷ সেয় সময়তে মোক এগৰাকী সতীৰ্থই ফোন কৰি জনাই যে মোৰ ঘৰত এটি ১০বছৰীয়া শিশুক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৷ এই খবৰ পায়ে মই লগে লগে ঘৰত উপস্থিত হ’লো আৰু তাৰ পাছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিলো ৷ ঘটনাৰ খবৰ পায় মোৰ বাসগৃহত আৰক্ষী উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালৈ লৈ যায় ৷ হাস্পতালৰ চিকিৎসকে কিশোৰটি মৃত বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে’’(Domestic help minor son found dead at Assam MP residence) ৷
লগতে সাংসদ গৰাকীয়ে কয় যে, বহু বছৰ ধৰি তেওঁৰ বাসগৃত এটা পৰিয়ালে বাস কৰি আছিল ৷ পৰিয়ালটোত আছিল দুই সন্তানসহ মাতৃ ৷ এগৰাকী কিশোৰী আৰু ১০বছৰীয়া কিশোৰৰৰ লগত মাতৃয়ে অকলে বাস কৰিছিল ।
তিনিজনীয়া এই পৰিয়ালটোৰ ১০ বছৰীয়া কিশোৰটোৱে ৫ম শ্ৰেণীত আৰু কিশোৰীগৰাকীয়ে অষ্টম শ্ৰেণীত পঢ়ি আছে ৷ সাংসদ গৰাকীয়ে কয় , ‘‘অইন দিনাৰ দৰে সেইদিনাও সকলো ঠিকেই আছিল ৷ শনিবাৰে দুপৰীয়াৰ তিনিও একেলগে আহাৰ গ্ৰহণ কৰিছিল ৷ তাৰ পাছত মাক আৰু ছোৱালীজনী ঘৰৰ বাহিৰলৈ গৈছিল ৷ আৰু ল’ৰাজনে অকলে ঘৰতে আছিল ৷মাকে বাহিৰৰ পৰা আহি বহু মাত দিয়া পাছতো কিশোৰগৰাকীয়ে ভিতৰৰ পৰা দৰ্জা খুলি নিদিয়াত মাক চিন্তিত হৈ পৰে আৰু মাকে চিঞয়-বাখৰ কৰে ৷ পৰৱৰ্তী সময়ত দৰ্জাখন ভিতৰৰ পৰা খুলি নিদিয়াত বাহিৰৰ পৰা দৰ্জাখন ভাঙি দিয়ে আৰু ছীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় কিশোৰটিৰ মৃতদেহ(Body of 10 year old child found at residence of BJP) ৷
সাংসদ ৰয়ে কয় যে, ‘‘মই ইতিমধ্যে ঘটনা সংক্ৰান্তত শিলচৰৰ আৰক্ষী অধীক্ষকৰ অৱগত কৰিছো ৷ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰট’কল আৰু গাইডলাইন অনুসৰি তদন্ত চলাব । ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত প্ৰতিক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে’’ । জানিব পৰা মতে,মৃত শিশুটিৰ মাতৃ সাংসদগৰাকীৰ বাসগৃহত কৰ্মৰত আছিল।
লগতে পঢ়ক :MLA Mrinal Saikia to resign : পদত্যাগ কৰিব বিধায়ক মৃণাল শইকীয়াই !