Local, Vocal, Global

Aloe Vera Benefits: এলভেৰা জেলৰ উপকাৰিতা কিমান জানেনে ? স্বাস্থ্যৰ লগতে সৌন্দৰ্যৰ সৈতে জড়িত সমস্যাৰ একমাত্ৰ উপাদান এলভেৰা

২৩আগষ্ট : ঘৰুৱা সৌন্দৰ্য্যৰ বাবে ব্যৱহৃত এবিধ ঔষধি গুণসম্পন্ন গছ হ’ল এলভেৰা (Aloe Vera) যাক অসমীয়াত ছালকুঁৱৰী বুলি জনা যায়। সাধাৰণতে ২-৩ ফুট উচ্চতাৰ এই গছজোপাৰ পাতসমূহ পাতল সেউজীয়া ৰঙৰ, মঙহাল, ডাঠ তথা চেপেটা আকৃতিৰ(Aloe Vera Benefits)। পাতসমূহ প্ৰতিৰক্ষাৰ হেতু কিছু পৰিমানে জোঙা আকৃতিৰ কাঁইটলৈ ৰূপান্তৰিত হয়। সাধাৰণতে ফুলৰ টাব তথা টাব আকৃতিৰ সামগ্ৰীত এলভেৰাৰ ৰোপন কৰা হয়। অসমৰ প্ৰায় সকলো ঠাইতে এলভেৰা পোৱা যায়(Aloe Vera Benefits for Face and Skin)।

এলভেৰাৰ পাত ঔষধ তথা সৌন্দৰ্য্যমূলক সামগ্ৰী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সাধাৰণতে এলভেৰাৰ পাতসমূহ গছৰ পৰা সংগ্ৰহ কৰি ওপৰৰ ছাল কাটি উলিয়াই ভিতৰৰ বিজলুৱা অংশৰে বিভিন্ন সামগ্ৰী বনোৱা হয়।

এলভেৰাত বিভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় উপাদান পোৱা যায়। এলভেৰাত ১২ বিধ ভিটামিন (Vitamin), ১৮ বিধ এমিন এচিড (Amino acid), ২০ বিধ খনিজ পদাৰ্থ (Mineral), ৭৫ বিধ পুষ্টিযুক্ত পোষক দ্ৰৱ (Nutrient substance) পোৱা যায়।

ইয়াৰ উপৰিও এলভেৰাত এন্টিবায়টিক (Antibiotic), বিভিন্ন এন্টি চেপ্টীক (Antiseptics), এন্টি অস্কিডেন্ট (Antioxidant) পোৱা যায়। তদুপৰি এলভেৰাত বিভিন্ন ধৰণৰ উত্সেচকো (Enzyme) পোৱা যায় ।এলভেৰাত, এলকেলাইন (Alkaline), ফছফাটেজ (Phosphatase), এমাইলেজ (Amylase) আদি পোৱা যায়।

এলভেৰাৰ ৰসত প্ৰায় বাৰ বিধ এনথ্ৰাকুইনন্ছ (Anthraquinone) দ্ৰব্য পোৱা যায়। ইয়াৰে এলইন (Alloin) আৰু ইমডিন (Imodin) বিষনাশক, বেক্টেৰিয়া আৰু ভাইৰাছ ৰোধক। সেয়ে, স্বাস্থ্য সম্বন্ধীয় ব্যৱহাৰৰ ক্ষেত্ৰত এলভেৰাৰ গুৰুত্ব অধিক।

এলভেৰাৰ ৰস গালৰ শালমইনা (Pimples)দূৰ কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা দেখা যায়। এলভেৰাৰ ৰস পোনপটীয়াকৈ শালমইনা হোৱা ঠাইত প্ৰয়োগ কৰিব পাৰি বা এলভেৰাৰ ৰসৰ লগত কিছু পৰিমানে মৌ জোল মিহলাই লগালে অধিক সুফল পোৱা যায়।

এলভেৰাৰ ৰসৰ লগত কিছু পৰিমানে হালধিৰ ৰস, মৌ, গাখীৰ আৰু গোলাপজল মিহলাই শুকান ছালত ব্যৱহাৰ কৰিলে ছাল মসৃণ তথা কোমল হয়।

এলভেৰাত থকা প্ৰটিঅ’লাইটিক এনজাইমে মূৰৰ তালুৰ মৃত কোষ সজীৱ (Restores dead hair follicles) কৰে। চুলিত থকা প্ৰধান প্ৰটিনবিধ হল- কেৰাটিন (Keratin)। এলভেৰাত কেৰাটিন সদৃশ এবিধ দ্ৰব্য আছে, যি চুলি সতেজ, সজীৱ, কোমল কৰাৰ লগতে চুলি সৰা বন্ধ কৰাৰ বাবেও এলভেৰাৰ গুৰুত্ব আছে।

এলভেৰাৰ ৰস পেটৰ বিভিন্ন ৰোগ যেনে- টেমুনা, আলছাৰ, পিত্ত ইত্যাদি ৰোগৰ প্ৰতিকাৰৰ বাবে ব্যৱহাৰ কৰা হয়।