Gang rape on moving train : চলন্ত ৰে’লত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ, দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৭ আগষ্ট : চলন্ত ৰে’লত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ (Gang rape on moving train)। চিফুং এক্সপ্ৰেছ ৰে’লতেই সংঘটিত হৈছে এনে এক ঘটনা । অভিযোগ অনুসৰি, যুৱতীগৰাকীক খালী ডবাত পাই দুজন যুৱকে ধৰ্ষণ কৰিছিল । ভুক্তভোগী যুৱতীগৰাকীয়ে ষ্টেচনত নামি জি আৰ পি’ক অভিযোগ দাখিল কৰে । সেই অভিযোগৰ ভিত্তিত দুজন যুৱকক আটক কৰে(Young woman gang-raped on moving train in assam) ।
নিৰ্যাতিতা যুৱতীগৰাকীয়ে জি আৰ পিক দিয়া বক্তব্য অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অসমৰ কোকৰাঝাৰত। তেওঁ গুৱাহাটীৰ পৰা চিফুং এক্সপ্ৰেছত উঠিছিল । সেই ৰে’লযোগে তেওঁ আলিপুৰদুৱাৰলৈ ৰাওনা হৈছিল । বাকী যাত্ৰীসকল নামি যোৱাত যুৱতীগৰাকী এই ডবাটোত অকলশৰীয়া হৈ পৰে ।
ইয়াৰ পাছতে যুৱক দুজনে সেই সুযোগ লৈ যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ইজনৰ পিছত সিজনে ধৰ্ষণ কৰে । ৰে’লখন চলি থকাৰ বাবে এই নিৰ্যাতনত বাধা দিব পৰা নগ’ল । চলন্ত ৰে’লতে সংঘটিত হ’ল দলবদ্ধ ধৰ্ষণ । এই সমগ্ৰ ঘটনা সংঘটিত হৈছে আলিপুৰদুৱাৰত ।
ধৰ্ষণ কাণ্ড সংঘটিত কৰি ষ্টেচনত নামি পলাবলৈ চেষ্টা কৰে দুই দুৰ্বৃত্তই । কিন্তু অভিযোগ পোৱাৰ লগে লগে যুৱক দুজনক কৰায়ত্ত কৰে জি আৰ পি’য়ে ।
ভুক্তভোগী যুৱতীৰ মতে, তেতিয়া মাজনিশা হৈছিল । অসমৰ শেষ ষ্টেচন শ্ৰীৰামপুৰৰ পৰা চিফুং এক্সপ্ৰেছেৰে আহি আছিল যুৱতীগৰাকী । কিন্তু বংগত প্ৰৱেশ কৰাৰ পিছত নিজ নিজ ষ্টেচনত যাত্ৰী নামি যোৱাৰ পিছত ৰে’লখন খালী হৈ পৰে । আৰু চিফুং এক্সপ্ৰেছ চলি আছিল যদিও ৰে’লৰ ডবাটো খালী হৈ পৰিছিল ।
সেই ডবাটোতে দুজন যুৱক আছিল । খালী ডবা আৰু ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ সিহঁতে যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ধৰে আৰু তাৰ পিছত ধৰ্ষণ কৰে । এই কাম কৰি যুৱক দুজন পলাবলৈ চেষ্টা কৰে। তাৰ পাছত যুৱতীগৰাকীয়ে আলিপুৰদুৱাৰ ষ্টেচনত নামি জি আৰ পিক অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰে ।
জি আৰ পিৰ সূত্ৰ অনুসৰি, ভুক্তভোগীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত তালাচী আৰম্ভ কৰা হয়। তালাচী চলি থকাৰ সময়তে অভিযুক্ত যুৱক দুজনে ৰে’লৰ পৰা নামি কোচবিহাৰ অভিমুখে পলায়ন কৰে । কিন্তু তেতিয়ালৈকে জি আৰ পিয়ে তেওঁলোকক চিনি পায় আৰু খেদি খেদি মাজ ৰাস্তাত সিহঁতক কৰায়ত্ত কৰে।
সেই দুজনৰ ভিতৰত এজনৰ নাম নয়নাল আব্দুল। আন জনৰ নাম মইনুল হক বুলি জানিব পৰা গৈছে । দুয়োজনক গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে পঢ়ক : Assam police encounter: ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা