Jharkhand Bus Accident : ঝাৰখণ্ডৰ গিৰিদিহত বাছ দুৰ্ঘটনা, ৪ জন নিহত, বহুলোক আহত
নেশ্যনেল ডেস্ক, ৬ আগষ্ট : ঝাৰখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা (Jharkhand Bus Accident) । এখন বাছ নদীত পৰি যোৱাৰ ফলত প্ৰায় ৪ জন যাত্ৰীৰ মৃত্যু হয় আৰু বহুযাত্ৰী সন্ধানহীন হৈ আছে। আনহাতে আহত হয় ২৩ জন লোক । জানিব পৰা মতে বাছখনত প্ৰায় ৩০ ৰ পৰা ৩৫ জন যাত্ৰী আছিল।
শনিবাৰে ঝাৰখণ্ডত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ শনিবাৰে সন্ধিয়াৰ ভাগত ঝাৰখণ্ডৰ গিৰিডিহৰ বাৰাকিৰ নদীত বাগৰি পৰি যায় এখন যাত্ৰীবাহী বাছ ৷ জানিব পৰা মতে, ৰাঁচীৰ পৰা গিৰিডিহলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাছখন ৷ বাছখনত প্ৰায় ৩০ জন যাত্ৰী থকা বাছখন নৈত পৰি যোৱাত অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷
ঘটনাস্থলিত প্ৰায় তিনি ঘন্টা ধৰি অবিৰতভাৱে অব্যাহত থাকে উদ্ধাৰ অভিযান ৷ নিশাই আহতসকলক অঞ্চলটোৰ সমিপৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ এই দুৰ্ঘটনাত নিহত হয় চাৰিজন লোক ৷ নিশাই নিহত চাৰিওজন লোকৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷
এই দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ঝাৰখণ্ড চৰকাৰৰ মন্ত্ৰী বেবী দেৱীয়ে মাজনিশা উপস্থিত হয় চিকিৎসালয়ত । সদৰ চিকিৎসালয়ত আহতসকলক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷ আনহাতে সংবাদ মাধ্যমৰ আগত মৃতকৰ আত্মীয়ক ক্ষতিপূৰণ দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে । ঘটনাস্থলীতে গোটেই নিশা উপস্থিত থাকিল DC, SP আৰু বিধায়ক ।
এই ঘটনাৰ পিছতে বিধায়ক সুদীব্য কুমাৰ, উপায়ুক্ত নমন প্ৰিয়শ লাকড়া আৰু আৰক্ষী অধীক্ষক দীপক শৰ্মায়ো উদ্ধাৰ অভিযানত নামি পৰে ৷ আনকি নিশা উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পাছত হাস্পতাললৈ পঠিওৱা পাছতো উক্ত স্থানতে বহু পৰলৈকে থাকে DC গৰাকী ৷ আনহাতে, বিধায়কগৰাকীয়েও প্ৰতিমূহুৰ্ততে আহতসকলৰ স্বাস্থ্যৰ পৰিস্থিতি বুজ লৈ থাকে ৷
উল্লেখ্য এই ঘটনাৰ পিছত চালকজনৰ বিষয়ে একো জানিব পৰা হোৱা নাই । চালকজনৰ সন্ধানত নিয়োজিত হৈ পৰিছে প্ৰশাসন । বাছখন কোনো পুৰণি চালক নে আন কোনো চালকেহে চলাইছিল, সেই সম্পৰ্কে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক : Two students missing : দুই ভাতৃ-ভগ্নী নিৰুদ্দেশ